মুখ্যপৃষ্ঠা »খবৰ »অসম »State Transport Corporation : ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ৭ বিঘা ভূমি হস্তান্তৰ হ'ব ৰে'লৱে বিভাগলৈ

State Transport Corporation : ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ৭ বিঘা ভূমি হস্তান্তৰ হ'ব ৰে'লৱে বিভাগলৈ

এই ভূমিৰ বিপৰীতে নিগমক জালুকবাৰীৰ ২ বিঘা ভূমি প্ৰদানৰ আশ্বাস দিছে চৰকাৰে

এই ভূমিৰ বিপৰীতে নিগমক জালুকবাৰীৰ ২ বিঘা ভূমি প্ৰদানৰ আশ্বাস দিছে চৰকাৰে

  • Share this:
ঠিকনাহীন হ'ব অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টনবজাৰৰ মুখ্য কাৰ্যালয়। পল্টনবজাৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ৭ বিঘা ভূমি হস্তান্তৰ হ'ব ৰে'লৱে বিভাগৰ হাতত৷

ইয়াৰে ইতিমধ্যে ভূমি হস্তান্তৰৰ নথিপত্ৰৰ কাম প্ৰায় সম্পন্ন কৰিছে চৰকাৰ আৰু ৰে’৸লৱে বিভাগে৷ যদিওৱা মাথোঁ ভূমি হস্তান্তৰৰ আনুষ্ঠানিকতা বাকী৷ একমাত্ৰ ৰাজ্য চৰকাৰৰ গ্ৰীন ছিগনেলৰ বাবে এখনৰ পিছত আনখন পৰিবহণ নিগমৰ বোৰ্ড মিটিঙত উজুটি খাইছে নিগম।

ৰাজ্য চৰকাৰৰ এনে কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে নিগমে থিয় দিব নোৱাৰি হেৰুৱাব লৈছে বহু মূল্যৱান ভূমি৷ যদিওৱা এই ভূমিৰ বিপৰীতে নিগমক জালুকবাৰীৰ ২ বিঘা ভূমি প্ৰদানৰ আশ্বাস দিছে, এয়া নিগমৰ পক্ষে অধিক ক্ষতিকৰ হ’৸ব বুলি বিভিন্ন মহলত চৰ্চা চলিছে। তাৰ পিছতো নিগমৰ ঠিকাভিক্তিক কৰ্মচাৰীসকলে আশাত বন্দী হৈ চৰকাৰী সিদ্ধান্ত মানি ল'বলৈ বাধ্য হৈছে৷ প্ৰশ্ন হৈছে, সময়ে সময়ে চৰকাৰী এনে মূল্যৱান ভূমি আন প্ৰতিষ্ঠানক গতাই প্ৰকৃততে কি কৰিব লৈছে চৰকাৰে সেয়া এক নুবুজা সাঁথৰ।

শেহতীয়া বাতৰি