মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম আৰক্ষীত আকৌ ৰদ-বদল, কাক ক’লৈ কৰা হ’ল বদলি?

অসম আৰক্ষীত আকৌ ৰদ-বদল, কাক ক’লৈ কৰা হ’ল বদলি?

News18 Assam | News18-Assam
Updated:September 14, 2021, 1:49 PM IST
অসম আৰক্ষীত আকৌ ৰদ-বদল, কাক ক’লৈ কৰা হ’ল বদলি?
মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগক শক্তিশালী আৰু অধিক কাৰ্যক্ষম কৰাৰ স্বাৰ্থত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷ 

মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগক শক্তিশালী আৰু অধিক কাৰ্যক্ষম কৰাৰ স্বাৰ্থত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷ 

  • News18 Assam
  • Last Updated: September 14, 2021, 1:49 PM IST
  • Share this:
অসম আৰক্ষীত পুনৰ ৰদ-বদল কৰিলে ৰাজ্যৰ গৃহ বিভাগে৷ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগক শক্তিশালী আৰু অধিক কাৰ্যক্ষম কৰাৰ স্বাৰ্থত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷

এই হিচাপত সোমবাৰে জাৰি কৰা অধিসূচনা মৰ্মে, অসম আৰক্ষীৰ সাতগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ–আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ৰদ-বদল কৰে৷

অধিসূচনা মতে, কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)লৈ বদলি কৰা হয়৷ দৌলাশালৰ ১৪নং আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ বদলি কৰা হয়৷

অসম আৰক্ষীৰ চৰ্তুথ বেটেলিয়নৰ সহকাৰী অধিনায়ক দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হয়৷ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ সহকাৰী বেটেলিয়ন (বৰ্তমান চিৰাঙত অতিৰিক্তভাৱে কৰ্তব্যৰত)ৰ উপ–আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাক চিৰাং জিলাৰ উপ–আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ বদলি কৰা হয়। ডেৰগাঁৱৰ একাদশ আৰক্ষী বেটেলিয়ন (বৰ্তমান চি আই ডিত অতিৰিক্তভাৱে কৰ্তব্যৰত) উপ–আৰক্ষী অধীক্ষক মৃদুল বৰুৱাক চি আই ডিৰ উপ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হয়৷

মানজাৰ ২৩নং আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক আব্দুল ৰচিদক বৰমণিপুৰৰ ১৬নং আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হয়৷ ইয়াৰ লগতে পাণবাৰীৰ ২০তম আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক জীয়াউৰ ৰহমানক চি আই ডিৰ উপ–আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হয়৷
Published by: Sanjay Kumar Das
First published: September 14, 2021, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি