• Home
  • »
  • News
  • »
  • assam
  • »
  • Mamta Wellness: ৰিহাব চেণ্টাৰত হাত-ভৰি বান্ধি ঔষধ খুৱাবলৈ চেষ্টা কৰা হৈছিল পিংকুক, ঘটনা সন্দৰ্ভত ৭ অভিযুক্তক আটক

Mamta Wellness: ৰিহাব চেণ্টাৰত হাত-ভৰি বান্ধি ঔষধ খুৱাবলৈ চেষ্টা কৰা হৈছিল পিংকুক, ঘটনা সন্দৰ্ভত ৭ অভিযুক্তক আটক

পৰ্যাপ্ত অনুজ্ঞাপত্ৰ অবিহনেই চলি আছিল মমতা ৰিহাব চেন্টাৰ 

পৰ্যাপ্ত অনুজ্ঞাপত্ৰ অবিহনেই চলি আছিল মমতা ৰিহাব চেন্টাৰ 

পৰ্যাপ্ত অনুজ্ঞাপত্ৰ অবিহনেই চলি আছিল মমতা ৰিহাব চেন্টাৰ 

  • Share this:
MAMTA WELLNESS নামৰ নিচামুক্তি কেন্দ্ৰত কেনেদৰে মৃত্যু হ'ল পিংকু নাথৰ ৷ পিংকু নাথৰ ৰহস্যজনক মৃত্যুৰ পাছতে কেন্দ্ৰটোৰ বিৰুদ্ধে উঠিছে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ ৷ অভিযোগ অনুসৰি, কেন্দ্ৰটোত চিকিৎসাৰ নামত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল পিংকু নাথক ৷ এই সমস্ত কাণ্ডৰ নেতৃত্ব দিছিল ভাৰ্গৱ দলে নামৰ যুৱকে ৷

নিশা চেন্টাৰটোত (Mamta Wellness Rehabilitation) পিংকু নাথক হাত-ভৰি বান্ধি ঔষধ খুৱাবলৈ চেষ্টা কৰা হৈছিল বুলি স্বীকাৰ কৰিলে কেন্দ্ৰটোৰ সমন্বয়ক কৌশিক ৰয়ে ৷ কেন্দ্ৰটোৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয়, পূৰ্বতেও বহুকেইটা এনে ঘটনা সংঘটিত হৈছে ৷

লগতে যাৱতীয় অনুজ্ঞাপত্ৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা অবিহনে কেন্দ্ৰটো চলি থকাৰ কথা ৰাজহুৱা কৰিলে ৰাজ্যিক ড্ৰাগছবিৰোধী আয়োগৰ অধ্যক্ষ মৃদুলা বৰকটকীয়ে ৷ চানমাৰী থানাত উপস্থিত হৈ অধ্যক্ষগৰাকীৰ স্পষ্ট কথা, কোনো ড্ৰাগছ আসক্তক এনেদৰে অত্যাচাৰ কৰি চিকিৎসা কৰিব নোৱাৰে ৷ এয়া কেন্দ্ৰটোৰ চূড়ান্ত ভুল হৈছে, গতিকে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব ৷

পিংকু নাথৰ এই মৃত্যুক সহজভাৱে লোৱা নাই পিংকুৰ গাঁওবাসীৰ লগতে  যোগী সন্মিলনীয়ে৷ চানমাৰী থানাত উপস্থিত হৈ ৰাইজে পুনৰ অভিযোগ তুলিলে যে পিংকুক মমতা ৱেলনেছ কেন্দ্ৰত হত্যা কৰা হ'ল ৷

''আমাক পিংকু হত্যাৰ উচিত তদন্ত লাগে ৷পিংকুৰ জন্মস্থান যোগীপাৰাবাসীয়ে স্পষ্টকৈ ক'লে এজন চফল ডেকাক এইদৰে নিচাৰ পৰা মুক্তি দিয়াৰ নামত অত্যাচাৰ কৰি হত্যা কৰিলে ৷ গতিকে যদি পিংকু হত্যাৰ উপযুক্ত ন্যায় নাপাওঁ, তেন্তে VIPৰ পথ বন্ধ কৰি প্ৰতিবাদ কৰিম ৷''-ৰাইজে উল্লেখ কৰে।

ইতিমধ্যে সমগ্ৰ কাণ্ডক লৈ চানমাৰি আৰক্ষীয়ে ৭ জনক আটক কৰিছে ৷  এতিয়া এনেদৰেই নিচামুক্তি কেন্দ্ৰত পিংকু নাথৰ হত্যাক লৈ চলিছে ব্যাপক প্ৰতিক্ৰিয়া ৷ সমগ্ৰ ঘটনাক লৈ চানমাৰি আৰক্ষীয়ে তদন্ত কেনেদৰে আগবঢ়ায় সেয়া হ'ব লক্ষণীয় ৷
Published by:Gautam Barman
First published: