
বানপানীৰ ফলত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সহায় হোৱাকৈ সাহায্য প্ৰদান কৰে।
বানপানীৰ ফলত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সহায় হোৱাকৈ সাহায্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অ’এনজিচিৰ ৭.৫ কোটি টকাৰ অনুদান৷ মহাৰত্ন কোম্পানীখ্যাত তেল আৰু প্ৰাকৃতিক গেছ আয়োগে বানপীড়িত জনসাধাৰণক সাহায্য আৰু পুনৰসংস্থাপনৰ কামত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৭.৫ কোটি টকাৰ অনুদান আগবঢ়াইছে। অ'এনজিচিৰ চিএমডি ড০ অলকা মিট্টাল, উপকূলীয় সঞ্চালক অনুৰাগ শৰ্মাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উক্ত সাক্ষাত কালত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে৷ বানপানীৰ ফলত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সহায় হোৱাকৈ সাহায্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে অ'এনজিচিৰ চিএমডি ড০ অলকা মিট্টালে কয় যে অ'এনজিচি অসমৰ জনসাধাৰণৰ সৈতে আছে আৰু থাকিব। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অনুদান প্ৰদান কৰা অনুষ্ঠানত ইডি-এছেট মেনেজাৰ, অসম সম্পদৰ ৰাজেশ কুমাৰ শৰ্মা, সুষমা ৰাৱট আৰু ইডি-এছেট মেনেজাৰ, যোৰহাট এছেট, সতীশ কুমাৰ দ্বিবেদীও উপস্থিত থাকে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|