আজি ষষ্ঠসংখ্যক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস। এই উপলক্ষে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আয়োজন কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী। 'পোষণৰ বাবে আয়ুৰ্বেদ' বিষয়বস্তুৰে আয়োজিত এই বৰ্ষৰ আয়ুৰ্বেদ দিৱস উদযাপন অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্যিক আয়ুষ সঞ্চালকালয়ৰ সঞ্চালক ড০ লক্ষ্মণ এছৰ লগতে আন বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত আয়োজিত স্বৰ্ণপ্ৰাসন শিবিৰ মুকলিৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তই শিক্ষক-শিক্ষাৰ্থীৰ প্ৰচেষ্টাত অনুষ্ঠিত আয়ুৰ্বেদ খাদ্যমেলাৰ পৰিদৰ্শন কৰে। জানিব পৰা মতে, এই খাদ্যমেলাত ৭০গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ইফালে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত মূল অনুষ্ঠানত অংশ লৈ মন্ত্ৰী কেশৱ মহন্তই নিজৰ ভাষণত আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উচ্চ প্ৰশংসা কৰে।
সৰ্বানন্দ সোণোৱালে আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব লোৱাৰ পাছতে অসম আয়ুৰ্বেদিক মহাবিদ্যালয়খনলৈ বিশেষ স্বীকৃতিৰূপে 'Center for Excellency' আগবঢ়োৱাৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মহাবিদ্যালয়খনলৈ ১০ কোটি টকাৰ অনুদান আগবঢ়োৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
মন কৰিবলগীয়া কথা যে মহাবিদ্যালয় কৰ্তৃপক্ষই চৰকাৰে আগবঢ়োৱা উক্ত অনুদানৰে পঞ্চকৰ্ম কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। এইসমূহৰ উপৰি খালী পদ পূৰণ, হোষ্টেল নিৰ্মাণ তথা মহাবিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া বুলি মন্ত্ৰী কেশৱ মহন্তই জনায়।
সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আয়ুৰ্বেদিক ক্ষেত্ৰখনে এক নতুন গতি ল'ব বুলিও তেওঁ প্ৰকাশ কৰে। মন কৰিবলগীয়া কথা যে অতি শীঘ্ৰে ৰাজ্যৰ দুখনকৈ জিলা অৰ্থাৎ দুধনৈ আৰু মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জনোৱাৰ লগতে গুৱাহাটী মহানগৰীত নতুন Integrated Ayush Complex স্থাপনৰ চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।
এই সংক্ৰান্তত ভূমি চিনাক্তকৰণৰ বাবে ইতিমধ্যে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তক দায়িত্ব অৰ্পণ কৰা বুলিও তেওঁ জনায়।আনহাতে, মহাবিদ্যালয়খনত আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজিত ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসত আন বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানো অনুষ্ঠিত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|