ৰাজ্যজুৰি তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অসমত ধাৰাবাহিক ভাবে চলি আছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে সংগ্ৰাম। আইন খন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে সৰ্বস্তৰৰ লোক। কিন্তু সেইসময়তে IANS-CVoter ৰ সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। অসমৰ ৬৮.১ শতাংশ লোকে বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইন। সেইদৰে ৰাজ্যৰ মাত্ৰ ৩১ শতাংশ লোকে সমৰ্থন কৰে আইন খন।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, সমীক্ষাত প্ৰশ্ন কৰা হৈছিল, নাগৰিকত্ব সংশোধনী আইনৰ ফলত যিসকলে নাগৰিকত্ব পাব, সেইসকলৰ বাবে ভৱিষ্যতে দেশৰ নিৰাপত্তা আৰু সমাজৰ বাবে ভাবুকি কঢ়িয়াই আনিব নেকি? এই বিষয়ত সন্দেহ ব্যক্ত কৰে দেশৰ ৬৪.৪ শতাংশ লোকে। আনহাতে বিদেশীক নাগৰিকত্ব দিলে কোনো ধৰণৰ সমস্যা নহয় বুলি উল্লেখ কৰিছে ৩২.৬ শতাংশই।
কিন্তু আইনখন উত্তৰ পূৰ্বাঞ্চলৰ ৫০.৬ শতাংশই সমৰ্থন কৰাৰ বিপৰীতে বিৰোধিতা কৰে ৪৭.৪ শতাংশ লোকে।
দেশৰ প্ৰেক্ষাপটত কিন্তু এই তথ্য সুকীয়া। সমীক্ষাত দেশৰ প্ৰায় ৬২ শতাংশ লোকে সমৰ্থন কৰিছে নাগৰিকত্ব সংশোধনী আইন। সেইদৰে দেশৰ ৩২.৩ শতাংশ হিন্দু লোকে বিৰোধিতা কৰে CAA। আনহাতে সমৰ্থন কৰে ৬৬.৭ শতাংশ হিন্দুৱে সমৰ্থন কৰে CAA।
দেশৰ ৩ হাজাৰ লোককলৈ ১৭ ৰ পৰা ১৯ ডিচেম্বৰলৈকে চলোৱা হৈছে সেই সীমা। অসমৰ ৫৫ লোকক সামৰি লোৱা হৈছিল সমীক্ষাত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|