দক্ষিণ কামৰূপৰ বকো সমষ্টিত কংগ্ৰেছত খহনীয়া, পঞ্চায়ত সভাপতিসহ ৬ ৱাৰ্ড সদস্যৰ বিজেপিত যোগদান

বকো সমষ্টিৰ কিছমত কাঠমি পঞ্চায়তৰ সভাপতি গিয়াছ উদ্দিন আহমেদৰ লগতে পঞ্চায়তৰ ছয়জনকৈ ৱাৰ্ড সদস্যই ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে৷
বকো সমষ্টিৰ কিছমত কাঠমি পঞ্চায়তৰ সভাপতি গিয়াছ উদ্দিন আহমেদৰ লগতে পঞ্চায়তৰ ছয়জনকৈ ৱাৰ্ড সদস্যই ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে৷
- News18 Assam
- Last Updated: January 18, 2021, 5:16 PM IST
উল্লেখযোগ্য যে বকো সমষ্টিৰ কিছমত কাঠমি পঞ্চায়তৰ সভাপতি গিয়াছ উদ্দিন আহমেদৰ লগতে পঞ্চায়তৰ ছয়জনকৈ ৱাৰ্ড সদস্যই ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে৷ বিজেপি নেতা সুকুমাৰ বিশ্বাসৰ উপস্থিতিত পিন্ধিলে গেৰুৱা বসন৷
ইপিনে সভাপতি গিয়াছ উদ্দিনে বিজেপিত যোগদান কৰাৰ পিছতে গিয়াছ উদ্দিনে দুৰ্নীতিৰ পৰা ৰক্ষা পাবলৈ বিজেপিত যোগদান কৰে বুলি কংগ্ৰেছৰ একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ইয়াৰ বিপৰীতে গিয়াছ উদ্দিনে সংবাদমেল আয়োজন কৰি কিছমত কাঠমিত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বুলি মত প্ৰকাশ কৰে৷ সংবাদমেলত নৰেন্দ্ৰ মোদীয়ে ভাল ভাল আঁচনি দিয়াৰ বাবেই বিজেপিত যোগদান কৰা বুলিও কয় গিয়াছ উদ্দিনে৷