
আজাৰা অঞ্চলত যোৱা কেইবামাহৰ পৰা বাইক চুৰি কাণ্ড সংঘটিত হৈ আহিছিল।
আজাৰা অঞ্চলত যোৱা কেইবামাহৰ পৰা বাইক চুৰি কাণ্ড সংঘটিত হৈ আহিছিল।
আজাৰা আৰক্ষীৰ বৃহৎ সফলতা। আজাৰা আৰক্ষীৰ নিশাৰ ভাগত চলোৱা অভিযানত আটক ৬টা বাইক চোৰ। উদ্ধাৰ দুখন পালছাৰ বাইক। আজাৰা অঞ্চলত যোৱা কেইবামাহৰ পৰা বাইক চুৰি কাণ্ড সংঘটিত হৈ আহিছিল। সোমবাৰে বঙৰাত আজাৰা আৰক্ষীৰ নিয়মীয়া তালাচীত গুৱাহাটী অভিমুখে চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা বকোৰ সোণতলীৰ নুৰুদ্দিন আলীক ৰখাবলৈ চেষ্টা কৰে যদিও তালাচী চকীৰ পৰা পলায়ন কৰে। তাৰ পিছতে আজাৰা আৰক্ষীয়ে ধাৰাপুৰ খানামুখত আটক কৰে চোৰটোক।
আজাৰা আৰক্ষীয়ে নিশাই নুৰুদ্দিন আলীক লগত লৈ দক্ষিণ কামৰূপৰ বকো, নগৰবেৰা, সোণতলী অঞ্চলৰ পৰা হাছেন আলী, হাচেম আলী, নুৰ আলী, ইজাৰ আলী আৰু মহানগৰীৰ হাটীগাঁৱৰ সমৰ আলী ওৰফে বাবুল আলীক গ্ৰেপ্তাৰ কৰে। তাৰ মাজতে আৰক্ষীয়ে আজাৰা প্ৰাথমিক চিকিৎসালয়ত আটাইকেইটা চোৰক কোভিড পৰীক্ষা কৰোৱাত নুৰ আলী নামৰ বাইক চোৰ টোৰ দেহত কোভিড পজিটিভ ধৰা পৰাত বঙৰাস্থিত পতঞ্জলী যোগপীঠ কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰে। আনহাতে, বাকী চোৰৰ দলটোক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|