আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৰাজ্যত সুকলমে অনুষ্ঠিত হয় যদিও মৈৰাবাৰীত সংঘটিত হয় নকল কাণ্ড। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা ছয় গৰাকী পৰীক্ষার্থীক অসৎ উপায় অৱলম্বন কৰাৰ বাবে বহিষ্কাৰ কৰা হয়।
আজি বিজ্ঞান বিষয়ৰ পৰীক্ষাত অসৎ উপায়(নকল) অৱলম্বন কৰা বাবে বহিষ্কৃত হোৱা ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ ৰোল নং হৈছে 0075, 0199, 0940, 0716, 0190 আৰু 0983।
উল্লেখ্য যে যোৱা ১৩ মাৰ্চত বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাত ছেবাই পৰীক্ষাৰ দিন পিছুৱাই দিছিল আৰু আজি বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।
Published by: Gautam Barman
FIRST PUBLISHED : March 30, 2023, 22:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।