ৰাজ্যত কোৰোণাৰ প্ৰকোপ কমি অহাৰ সময়তে অঞ্চলটোত কোৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে৷
ৰাজ্যত কোৰোণাৰ প্ৰকোপ কমি অহাৰ সময়তে অঞ্চলটোত কোৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে৷
নগাঁও জিলাৰ ব্ৰাহ্মণগাঁওস্থিত পূব হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ চকলাঘাট খাটোৱাল আৰু খৌৰামোছৰ গাঁৱত নতুুনকৈ শিশুসহ ছয়জন লোক কোৰোণাত আক্ৰান্ত হোৱাত অঞ্চলবাসী আতংকিত হৈ পৰিছে। ৰাজ্যত কোৰোণাৰ প্ৰকোপ কমি অহাৰ সময়তে অঞ্চলটোত কোৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে৷
জানিব পৰা মতে, খাটোৱালৰ ৰাজু বৰা নামৰ এগৰাকী শিক্ষকৰ পৰিয়ালটোৰ আটাইকেইজন লোকৰ শৰীৰত আজি বেবেজীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত কোৰোণাৰ উপস্থিত ধৰা পৰে৷ শিক্ষকজনৰ লগতে তেওঁৰ ২ বছৰীয়া শিশু সন্তান, পত্নী আৰু পিতৃ-মাতৃক ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক হাস্পতালৰ কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰা হৈছে৷
আনহাতে, বৃহস্পতিবাৰে একেটা পৰিয়ালৰে এগৰাকী মহিলাও কোৰোণাত আক্ৰান্ত হোৱাত উক্ত হাস্পতালতে ভৰ্তি কৰোৱা হৈছিল৷ ইফালে কাষৰীয়া খৌৰামোছৰ গাঁৱৰ কমল বৰা নামৰ এগৰাকী ৮০ ঊৰ্ধ্বৰ অৱসৰপ্ৰাপ্ত শিক্ষক কোৰোণাত আক্ৰান্ত হৈ আজি কেইদিনমানৰ আগৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|