உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • খাৰুপেটীয়াত জব্দ সোণৰ নাও, ৬ যুৱকে ক’ৰ পৰা আনিছিল সোণৰ নাওখন?

    খাৰুপেটীয়াত জব্দ সোণৰ নাও, ৬ যুৱকে ক’ৰ পৰা আনিছিল সোণৰ নাওখন?

    আৰক্ষীয়ে জব্দ কৰা সোণখিনি আচল নে নকল এতিয়াও জানিব পৰা হোৱা নাই।

    আৰক্ষীয়ে জব্দ কৰা সোণখিনি আচল নে নকল এতিয়াও জানিব পৰা হোৱা নাই।

    আৰক্ষীয়ে জব্দ কৰা সোণখিনি আচল নে নকল এতিয়াও জানিব পৰা হোৱা নাই।

    • Share this:
    দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সোণৰ নৌকাসহ ৬জনক গ্ৰেপ্তাৰ। খাৰুপেটীয়া আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত বুুধবাৰে চলাইছিল অভিযান। খাৰুপেটীয়া নগৰৰ মাজমজিয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী এখন ছুইফ্ট বাহনত আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত খাপ পিটি থকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নৌকা আকৃতিৰ ৬৪০ গ্ৰাম  (আনুমানিক) সোণ, নগদ ২২,৮০০ টকা,  ১০টা ম'বাইল আৰু কেইবাটাও বেগ।

    AS 07R 8882 নম্বৰৰ  ছুইফ্ট বাহনসহ ৬জন যুৱকে লৈ আহিছিল সোণখিনি। ধৃত যুৱককেইজন উত্তৰ লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ইছলামপুৰ গাঁৱৰ  ওৱাহেদ‌ আলী (২৫), গোহাঁইদালানী গাঁৱৰ আব্দুল কাদিৰ (৩০) আৰু  দুলাল হুছেইন (২৫), ১নং মিৰিচি গাঁৱৰ আক্ৰামুল আলী ( ২৩), ১নং আহমেদপুৰৰ মফিদুল ইছলাম (৩০) আৰু ২নং মিৰিচি গাঁৱৰ দিলোৱাৰ হুছেইন (৩৩) বুলি জানিব পৰা গৈছে।

    আৰক্ষীয়ে জব্দ কৰা সোণখিনি আচল নে নকল এতিয়াও জানিব পৰা হোৱা নাই। ৰুজু হোৱা গোচৰৰ ভিত্তিত ইতিমধ্যে ধৃত ছয় যুৱকক নিজৰ জিম্মাত লৈ সোধা–পোছা আৰম্ভ কৰিছে খাৰুপেটীয়া আৰক্ষীয়ে।
    Published by:Sanjay Kumar Das
    First published: