உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মঙলদৈত ৬১৬জনৰ নমুনা সংগ্ৰহ, ইয়াৰে ৩৩৩জনৰ ফলাফল নিগেটিভ, ২৮৩জনৰ আহিবলৈ বাকী

    মঙলদৈত ৬১৬জনৰ নমুনা সংগ্ৰহ, ইয়াৰে ৩৩৩জনৰ ফলাফল নিগেটিভ, ২৮৩জনৰ আহিবলৈ বাকী

    জিলাখনৰ ৮ খন চিকিৎসালয়ত ইতিমধ্যে ৬৪খন বিচনা সাজু কৰি ৰখা হৈছে।

    জিলাখনৰ ৮ খন চিকিৎসালয়ত ইতিমধ্যে ৬৪খন বিচনা সাজু কৰি ৰখা হৈছে।

    জিলাখনৰ ৮ খন চিকিৎসালয়ত ইতিমধ্যে ৬৪খন বিচনা সাজু কৰি ৰখা হৈছে।

    • Share this:
    বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুৱতিনিশা দৰঙত উপস্থিত হয় দুটি শিশুসহ ছজন লোক। তেওঁলোক দৰঙত উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে। দুটি শিশু আৰু তিনিগৰাকী মহিলা যাত্ৰীক জনৰামচৌকা আদৰ্শ চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ বিপৰীতে এগৰাকী পুৰুষ যাত্ৰীক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে।

    উল্লেখ্য যে, এই আটাইকেইজন লোক শিলিগুৰিৰ পৰা ৰে’লযোগে আহি দৰঙত উপস্থিত হৈছিল। বহিঃৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী লোকক আছুতীয়াকৈ ৰখা হ'ব বুলি জানিবলৈ দি ইয়াকে লৈ জনসাধাৰণক শংকিত নহ'বলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে। কিয়নো তেওঁলোকক প্ৰয়োজন সাপেক্ষে যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকৃত তথ্য লাভ কৰাৰ বাবে এনেদৰে আছুতীয়াকৈ ৰখা হৈছে।

    ইফালে, বৃহস্পতিবাৰলৈ জিলাখনৰ পৰা ৬১৬জনৰ নমুনা কোভিড-১৯ৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৩৩৩জনৰ নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু এই আটাইকেইজনৰ ফলাফল নিগেটিভ আহিছে। বাকী ২৮৩জনৰ ৰিপ’ৰ্ট আহিবলৈ বাকী।

    উল্লেখযোগ্য যে, জিলাখনৰ ৮ খন চিকিৎসালয়ত ইতিমধ্যে ৬৪খন বিচনা সাজু কৰি ৰখা হৈছে। জিলাখনৰ বিভিন্ন ঠাইলৈ আহিবলগীয়া লোকৰ প্ৰতি লক্ষ্য ৰাখি বাজনাপথাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৫খন, খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত ৪খন, পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৭খন, কুঁৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত ১০খন, দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০খন, দুনী আদৰ্শ চিকিৎসালয়ত ১০খন ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০খন আৰু জনৰামচৌকা আদৰ্শ চিকিৎসালয়ত ৮খন বিচনা সাজু কৰি ৰখা হৈছে।

    আনহাতে, প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ জিলাখনৰ ৫খন শিক্ষানুষ্ঠান জিলা প্ৰশাসনে চিনাক্ত কৰি ৰাখিছে। শিক্ষানুষ্ঠান কেইখন হ'ল- খাৰুপেটীয়া মহাবিদ্যালয়, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয় আৰু বেচিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
    First published: