উজনি–নামনিৰ মাজত ৰে’ল চলাচল ব্যাহত, বানৰ বাবে ৬খন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল

News18-Assam
Updated:October 28, 2019, 11:24 AM IST
উজনি–নামনিৰ মাজত ৰে’ল চলাচল ব্যাহত, বানৰ বাবে ৬খন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল
বানৰ ফলত দেওবাৰে আবদ্ধ হৈ পৰা কেইবাখনো ৰে’লো বাতিল কৰা হৈছে। বাতিল কৰা এই ৰে’লসমূহ ঘূৰাই অনা হৈছে গুৱাহাটীলৈ।

বানৰ ফলত দেওবাৰে আবদ্ধ হৈ পৰা কেইবাখনো ৰে’লো বাতিল কৰা হৈছে। বাতিল কৰা এই ৰে’লসমূহ ঘূৰাই অনা হৈছে গুৱাহাটীলৈ।

  • Share this:
বানৰ বাবে দক্ষিণ পাৰেৰে ব্যাহত হৈ পৰিছে উজনি আৰু নামনিৰ মাজত ৰে’ল যাতায়াত। ৬খনকৈ যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। বাতিল কৰা হৈছে ডিব্ৰুগড়-গুৱাহাটী শতাব্দী এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’ল, মৰিয়নী-ডিমাপুৰ যাত্ৰীবাহী ৰে’ল, তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে’ল, ডিমাপুৰ-মৰিয়নী যাত্ৰীবাহী ৰে’ল আৰু গুৱাহাটী-নাহৰলগুন শতাব্দী এক্সপ্ৰেছ।

বহিঃৰাজ্যৰ পৰা উজনিলৈ অহা ৰে’লসমূহ ৰঙিয়া, লখিমপুৰ, ৰঙাপৰা হৈ আহিব ডিব্ৰুগড়-তিনিচুকীয়ালৈ। আনহাতে, বানৰ ফলত দেওবাৰে আবদ্ধ হৈ পৰা কেইবাখনো ৰে’লো বাতিল কৰা হৈছে। বাতিল কৰা এই ৰে’লসমূহ ঘূৰাই অনা হৈছে গুৱাহাটীলৈ। ডিব্ৰুগড়-গুৱাহাটী ইণ্টাৰচিটী, তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে’ল আৰু ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ বাতিল কৰি ঘূৰাই অনা হৈছে গুৱাহাটীলৈ। যাত্ৰীসকলৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে ৰে’ল বিভাগে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি