ডবকাত যুৱতীক দলবদ্ধ বলাৎকাৰ, সমগ্ৰ দৃশ্য ছচিয়েল মিডিয়াত আপলোড,ভিনিয়েকৰ সৈতে আলহী খাবলৈ গৈছিল যুৱতী

ডবকাৰ দীঘলজাৰুনিত ৬ নৰপিশাচে এগৰাকী যুৱতীক বলাৎকাৰ কৰাই নহয়, বলাৎকাৰৰ সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰি দিলে ছচিয়েল মিডিয়াত।

news18assam
Updated:April 24, 2019, 8:10 PM IST
ডবকাত যুৱতীক দলবদ্ধ বলাৎকাৰ, সমগ্ৰ দৃশ্য ছচিয়েল মিডিয়াত আপলোড,ভিনিয়েকৰ সৈতে আলহী খাবলৈ গৈছিল যুৱতী
দলবদ্ধ ধৰ্ষণ
news18assam
Updated: April 24, 2019, 8:10 PM IST
পুনৰ এক শিহৰণকাৰী দলবদ্ধ বলাৎকাৰ কাণ্ডই জোকাৰি গ’ল ৰাজ্য। ২০১৭ৰ ৩১ মে’ত যমুনামুখত সংঘটিত অৰ্ণমাই কাণ্ডকে ধৰি কেই‍বাটাও নৃশংস বলাৎকাৰ হত্যা ঘটনাই জোকাৰি যোৱাৰ পিছত এইবাৰ ডবকাত সংঘটিত হৈছে আন এক গাৰ নোম শিয়ৰি উঠা দলবদ্ধ বলাৎকাৰৰ ঘটনা। ডবকাৰ দীঘলজাৰুনিত ৬ নৰপিশাচে এগৰাকী যুৱতীক বলাৎকাৰ কৰাই নহয়, বলাৎকাৰৰ সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰি দিলে ছচিয়েল মিডিয়াত।

ভিনিয়েকৰ সৈতে আলহী খাবলৈ গৈছিল যুৱতীগৰাকী। বাট আগচি ধৰি জংঘলৰ মাজত টানি নি কিশোৰীগৰাকীক দলবদ্ধ বলাৎকাৰ। ঘটনাত জড়িত ৪ লম্পটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও পলাতক দুই। ধৃত ফয়জুল হক, গোলাপ হুছেইন, দিলদাৰ আহমেদ আৰু শ্বাহিদ আহমেদ। পলাতক অৱস্থাত আব্দুল মতিন আৰু আলিম উদ্দিন নামৰ লম্পট দুটা।
আৰু চাওক পৰৱৰ্তী বাতৰি