একেটা পৰিয়ালৰ ৬জন আক্ৰান্ত কোৰোণাত, ডিব্ৰুগড়ত সামাজিক সংক্ৰমণৰ আশংকা

News18 Assam | News18-Assam
Updated:June 17, 2020, 3:59 PM IST
একেটা পৰিয়ালৰ ৬জন আক্ৰান্ত কোৰোণাত, ডিব্ৰুগড়ত সামাজিক সংক্ৰমণৰ আশংকা
এইছ এছ ৰোড বজাৰৰ ব্যস্ত অঞ্চল হোৱা বাবে সংক্ৰমণ হোৱাৰ ভয়াৱহতা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এইছ এছ ৰোড বজাৰৰ ব্যস্ত অঞ্চল হোৱা বাবে সংক্ৰমণ হোৱাৰ ভয়াৱহতা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

  • Share this:
ডিব্ৰুগড়ত প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোণা ৰোগী। সামাজিক সংক্ৰমণৰ দিশে এতিয়া ডিব্ৰুগড় চহৰ। বুধবাৰে ডিব্ৰুগড়ৰ একেটা পৰিয়ালৰে ৬জন লোকৰ দেহত ধৰা পৰিল COVID-19 পজিটিভ। তেওঁলোকৰ নাই কোনো ভ্ৰমণ তথ্য। যোৱা ৭ জুনত কইনাৰ বিবাহৰ বজাৰ কৰি গুৱাহাটীৰ পৰা উভতি আহিছিল ডিব্ৰুগড়ৰ এইচ এছ ৰোডৰ ৰমেশ কেডিয়া নামৰ এজন ব্যৱসায়ী। তাৰ পাছতেই ১৪ জুনত ৰমেশ কেডিয়াৰ দেহত ধৰা পৰিল Covid-19ৰ উপস্থিতি। ইয়াৰ পাছতেই সেই পৰিয়ালটোৰ আন আন সদস্যৰ দেহতো বুধবাৰে ধৰা পৰিল এই ভাইৰাছৰ অৱস্থিতি।

একেখন ঘৰতে থকা ৰমেশ কেডিয়াৰ পত্নী, কন্যা, পুত্ৰ, ভাতৃ, ভাই বোৱাৰী ক্ৰমে সতীশ কেডিয়া, ভাগৱতী কেডিয়া, ৰিধিকা কেডিয়া, জগদীশ কেডিয়া, শোণিত কেডিয়া আৰু যুৱৰাজ কেডিয়া আক্ৰান্ত হ'ল কোৰোণাত। কিন্তু এই সময়ছোৱাত বহু লোকৰ সংস্পৰ্শলৈ আহিছিল এই পৰিয়ালটো। ৩০জুনত বিবাহ আছিল কন্যাৰ। তাৰ পূৰ্বে ডিব্ৰুগড়ৰ নিজ বাসগৃহৰ লগতে দুখন হোটেলত পাতিছিল Get together পাৰ্টী।

তাৰ উপৰি জ্বৰত আক্ৰান্ত ৰমেশ কেডিয়াই ডিব্ৰুগড়ত উপস্থিত হৈয়ে চিকিৎসা কৰোৱাইছিল নিজৰ। যি কাৰণে চিকিৎসকজনো পোনপটীয়া সংস্পৰ্শলৈ আহিছিল। অৱশ্যে চিকিৎসকগৰাকীৰ দেহত নোলাল কোভিড–১৯ পজিটিভ। ইফালে বিবাহৰ প্ৰস্তুতিৰ মাজতে দুগৰাকী পুৰোহিতো প্ৰায় তেওঁলোকৰ ঘৰলৈ গৈছিল। তাৰ উপৰি পৰিয়ালৰ লোক চুলি কটোৱাবলৈ ছেলুনলৈও গৈছিল।

ইফালে, এইছ এছ ৰোড বজাৰৰ ব্যস্ত অঞ্চল হোৱা বাবে সংক্ৰমণ হোৱাৰ ভয়াৱহতা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে অধিক তৎপৰতাৰে আগবাঢ়িছে। প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ কোনো ব্যক্তি যদি কেডিয়া পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে যাতে নিজেই যোগাযোগ কৰে।
First published: June 17, 2020, 3:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading