• Home
  • »
  • News
  • »
  • assam
  • »
  • ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধ, ঠায়ে ঠায়ে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ

ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধ, ঠায়ে ঠায়ে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ

পুৱাৰে পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহনৰ চলাচল সীমিত হৈ পৰিছে৷

পুৱাৰে পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহনৰ চলাচল সীমিত হৈ পৰিছে৷

পুৱাৰে পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহনৰ চলাচল সীমিত হৈ পৰিছে৷

  • Share this:
আজি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই জনজাতিকৰণৰ দাবীত অসমৰ বন্ধৰ আহ্বান জনাইছে। ধেমাজিত বন্ধৰ প্ৰভাৱ দেখা গৈছে। পুৱাৰে পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহনৰ চলাচল সীমিত হৈ পৰিছে৷ শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাইছে আন্দোলনকাৰীয়ে৷ অন্যথা ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে।

ইফালে, আমগুৰি নগৰত পুৱা ৬১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে। সৰুপথাৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে সৰুপথাৰ আৰু বৰপথাৰত। বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে চলি আছে বন্ধৰ কাৰ্যসূচী।

সোণাৰিতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। চাৰিজন বন্ধ সমৰ্থকক আটক সোণাৰি আৰক্ষীৰ। আটক টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সম্পাদক ভবানন্দ বৰগোঁহাইসহ বাস্তৱ মহন, ৰঞ্জিত মহন আৰু প্ৰিয়ম মহন।

আনহাতে, নুমলীগড়ত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাৱ। নুমলীগড়কে ধৰি দাঁতি কাষৰীয়া অঞ্চলসমূহত প্ৰায়সংখ্যক দোকান–বজাৰ বন্ধ থকাৰ সমান্তৰালভাৱে ৩৯নং আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহনৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হয়৷ নুমলীগড়ত আটছা (স্বতন্ত্ৰ)ৰ লগতে বন্ধসমৰ্থকে অসম বন্ধৰ সফল ৰূপায়ণ কৰাৰ আহ্বান জনোৱাৰ লগতে শীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায়৷ অন্যথা ছয় জনগোষ্ঠী যৌথ মঞ্চই ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি