ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে (Nagaon Police)। মঙলবাৰৰ দিনটোত নগাঁও জিলাৰ চামগুৰি (Samaguri) আৰু জুৰীয়াত (Juria) আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ৬টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। জুৰীয়া আৰক্ষীয়ে মাহগুৰি, জামগুৰি আৰু পূৱ-হাতীযুঁজোৱাত অভিযান চলাই ১৯টা হেৰ'ইনভৰ্তি কণ্টেইনাৰসহ ৫টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ইজাজুল হক, জালালউদ্দিন, ফকৰউদ্দিন, নিজামউদ্দিন আৰু ইনামূল হক নামৰ ৫টা ড্ৰাগছ সৰবৰাহকাৰীক হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, চামগুৰি আৰক্ষীয়ে আমনিৰ আমতলত অভিযান চলাই ৬টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰ আৰু এটা চিৰিঞ্জসহ জাকিৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জাকিৰৰ পৰা নগদ ১২হাজাৰ ৪৫০টকাও জব্দ কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 02, 2022, 08:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|