ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি শেষ কৰিব পৰা নাই৷ ড্ৰাগছ সৰবৰাহকাৰীও গ্ৰেপ্তাৰ কৰি হ্ৰাস কৰিব পৰা নাই আৰক্ষীয়ে৷ দুদিন পুুুুুৰ্বে ৰে’লৰ পৰা হোজাই আৰক্ষীয়ে তিনি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজনকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ হোজাই আৰক্ষীয়ে মণিপুৰৰ শিক্ষকসহ ৬ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লগতে প্ৰায় এক কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ গোপন খবৰৰ ভিত্তিত আৰু তৎপৰতাত হোজাই, মোৰাঝাৰ আৰু লংকা আৰক্ষীয়ে হোজাইৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে সৰবৰাহকাৰী কেইজনক৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল হোজাই লংকাৰ ৱাহিদুৰ ৰহমান, মোৰাঝাৰৰ জীয়াবুৰ ৰহমান আৰু তাজ উদ্দিন, লংকা নখুটিৰ বাবুল হুছেইন, মণিপুৰৰ মহাব উদ্দিন আৰু বি এম ৱাৰিছ বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷
ইয়াৰে বি এম ৱাৰিছ মণিপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে৷ ধৃত আটাইকেইজনৰ কবলৰ পৰা আৰক্ষীয়ে ১১টা চাবোনৰ বকচত ভৰ্তি কৰা প্ৰায় ১২০ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি আটাইকেইজনকে মোৰাঝাৰত জেৰা চলাই আছে আৰক্ষীৰ উচ্চপদস্ত বিষয়াই৷ জেৰাৰ অন্তত আন বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভৱনা আছে বুলি জানিবলৈ দিছে হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|