আতংক! নিৰাপত্তাহীনতাত ভুগি পদত্যাগ ৬জন বাগিচাৰ চিকিৎসকৰ

নিজৰ প্ৰাণৰ মমতাত চাহ বাগিচাৰ হাস্পতালৰ পৰা পদত্যাগ কৰিছে কেইবাগৰাকীও চিকিৎসকে।

News18-Assam
Updated:September 4, 2019, 2:21 PM IST
আতংক! নিৰাপত্তাহীনতাত ভুগি পদত্যাগ ৬জন বাগিচাৰ চিকিৎসকৰ
নিজৰ প্ৰাণৰ মমতাত চাহ বাগিচাৰ হাস্পতালৰ পৰা পদত্যাগ কৰিছে কেইবাগৰাকীও চিকিৎসকে।
News18-Assam
Updated: September 4, 2019, 2:21 PM IST
টীয়ক চাহ বাগিচাৰ মানৱদৰদী চিকিৎসক দেৱেন দত্তৰ নৃশংস হত্যাৰ পিছত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত কৰ্মৰত চিকিৎসকসকল। নিজৰ প্ৰাণৰ মমতাত চাহ বাগিচাৰ হাস্পতালৰ পৰা পদত্যাগ কৰিছে কেইবাগৰাকীও চিকিৎসকে। ৰাজ্যৰ ৬খন চাহ বাগিচাৰ পৰা ৬ গৰাকী চিকিৎসকে ইতিমধ্যে পদত্যাগ কৰিছে।

চিকিৎসক দেৱেন দত্তক হত্যাৰ পিছতে পদত্যাগ কৰে নুমলীগড় চাহ বাগিচাৰ চিকিৎসক অজয় কটকী, ডিব্ৰুগড়ৰ চাহ বাগিচাৰ চিকিৎসক ৰবি বৰুৱাই। ছচিয়েল মিডিয়াত প'ষ্ট দি চাহ বাগিচাত কৰ্মৰত আন চিকিৎসককো পদত্যাগৰ আহ্বান জনায় ৰবি বৰুৱাই। লগতে অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধেও ক্ষোভ উজাৰে চিকিৎসকগৰাকীয়ে।



ইয়াৰ পিছতে মৰিয়নীৰ তিনিখনকৈ চাহ বাগিচাৰ চিকিৎসকে পদত্যাগ কৰে। মৰিয়নীৰ নিউ সোণোৱালৰ চিকিৎসক নিপুল কৰ্মকাৰ, ভেলাগুৰি চাহ বাগিচাৰ চিকিৎসক এছ এন সিং আৰু কাকজান চাহ বাগিচাৰ চিকিৎসক লুপা দাসে পদত্যাগ কৰে। শেহতীয়াকৈ শিৱসাগৰৰ বৰহাট বাগিচাৰ চিকিৎসক এইচ কমেও পদত্যাগ কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি