মুখ্যপৃষ্ঠা »খবৰ »অসম »BARPETA : সত্ৰনগৰী বৰপেটাত ৬ দিনীয়া বিহু কৰ্মশালা, কৰ্মশালাত অংশ ল'লে বহু মাতৃয়েও

BARPETA : সত্ৰনগৰী বৰপেটাত ৬ দিনীয়া বিহু কৰ্মশালা, কৰ্মশালাত অংশ ল'লে বহু মাতৃয়েও

বৰপেটাৰ বহু গ্ৰামাঞ্চলৰ প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছে বিহুৰ কৰ্মশালাত

বৰপেটাৰ বহু গ্ৰামাঞ্চলৰ প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছে বিহুৰ কৰ্মশালাত

বৰপেটাৰ বহু গ্ৰামাঞ্চলৰ প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছে বিহুৰ কৰ্মশালাত

  • Share this:
ব'হাগ বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী। গছ-বিৰিখত ন-বসন্তৰ কুঁহিপাতে পোখা মেলাৰ দৰেই অসমীয়া জনজীৱনৰ প্ৰাণত সাৰ পাই উঠিছে এতিয়া বিহু নাম আৰু বিহুগীতৰ লহৰে৷ ব'হাগক আদৰাৰ প্ৰস্তুতিৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহু নাচৰ আখৰা আৰু কৰ্মশালা।

বিহুৰ ৰীতি-নীতি, বিহুনাম আৰু বিহু নৃত্য-গীতৰ ৰীতি-পৰম্পৰাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে সত্ৰনগৰী বৰপেটাত আৰম্ভ হৈছে বিহুৰ নাম,  বিহু নৃত্য আৰু বিহুৰ সৈতে সম্পৰ্কিত ৰীতি পৰম্পৰাৰ কৰ্মশালা।

লোক-সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান সত্ৰনগৰী বৰপেটাৰ ছন্দপ্ৰভা আৰু সংগীত কলা কেন্দ্ৰৰ যুটীয়া উদ্যোগত ২১ মাৰ্চৰ পৰা অনুষ্ঠিত কৰা হয় ছয় দিনীয়া বিহু কৰ্মশালা ৷ বৰপেটা চহৰৰ লগতে বৰপেটাৰ বহু গ্ৰামাঞ্চলৰ প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছে বিহুৰ কৰ্মশালাত। লক্ষণীয়ভাৱে বিহু কৰ্মশালাখনত নৱ প্ৰজন্মৰ লগতে একাংশ মাতৃয়েও অংশগ্ৰহণ কৰে।

শেহতীয়া বাতৰি