• Home
  • »
  • News
  • »
  • assam
  • »
  • হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি প্ৰমোদ বড়োৰ দলত যোগ দিবলৈ সাজু BPFৰ ছয় নিৰ্বাচিত সদস্য

হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি প্ৰমোদ বড়োৰ দলত যোগ দিবলৈ সাজু BPFৰ ছয় নিৰ্বাচিত সদস্য

সদ্য BPF ত্যাগী বিধায়ক ইমানুৱেল মুছাহাৰীয়ে জনোৱা মতে, BPFৰ ছয় সদস্যই সম্প্ৰতি গুৱাহাটীত আহি উপস্থিত হৈছে।

  • Share this:
বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি প্ৰমোদ বড়োৰ দলত যোগ দিব বিচিৰিছে BPF ছয় গৰাকী নিৰ্বাচিত সদস্যই। BPF দল ত্যাগ কৰিবলৈ সাজু হৈছে ছয় গৰাকী পৰিষদীৰ নিৰ্বাচিত সদস্যই। এই কথা News18ক জনাইছে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।

সদ্য BPF ত্যাগী বিধায়ক ইমানুৱেল মুছাহাৰীয়ে জনোৱা মতে, BPFৰ ছয় সদস্যই সম্প্ৰতি গুৱাহাটীত আহি উপস্থিত হৈছে। বিপিএফৰ ছয় সদস্যই প্ৰমোদ বড়ো শিবিৰৰ সৈতে কিছু আলোচনা কৰাৰ পিছতেই পুনৰ উভতি যাব কোকৰাঝাৰলৈ। কোকৰাঝাৰৰ শপত গ্ৰহণৰ পিছতেই প্ৰমোদ বড়োৰ পৰিষদত যোগ দিব BPFৰ ছয় সদস্যই।

কংগ্ৰেছৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত একমাত্ৰ সদস্য সুজল দাসে ইতিমধ্যে যোগ দিছে প্ৰমোদ বড়ো শিবিৰত। বিপিএফৰ সূত্ৰৰ পৰা জানিব পৰা মতে, তেওঁলোকৰ দলৰ ছয় সদস্যৰ দল ত্যাগ খবৰে অধিক চিন্তিত কৰিছে দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক।
Published by:Sanjay Kumar Das
First published: