মুখ্যপৃষ্ঠা »খবৰ »অসম »এজন সুদক্ষ অভিযন্তা হোৱাৰ মন মেট্ৰিকত পঞ্চম স্থান লাভ কৰা মানস উত্তম নেওগৰ

এজন সুদক্ষ অভিযন্তা হোৱাৰ মন মেট্ৰিকত পঞ্চম স্থান লাভ কৰা মানস উত্তম নেওগৰ

আটাইকেইটা বিভাগত লেটাৰ মাৰ্ক সহ মুঠ ৫৮৯ নম্বৰেৰে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় মানসে।

আটাইকেইটা বিভাগত লেটাৰ মাৰ্ক সহ মুঠ ৫৮৯ নম্বৰেৰে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় মানসে।

  • Share this:
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৯ নম্বৰে জিলা খনৰ লগতে নিজে অধ্যয়ন কৰা নীলমণি আদৰ্শ জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল  মানস উত্তমে। ডিব্ৰুগড়ৰ ৰাজগড়ৰ নিৱাসী ভাস্কৰ নেওগ আৰু নীলিম আৰ্দশ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিজুমণি নেওগৰ পুত্ৰ মানস উত্তমে দৈনিক তেৰ–চৈধ্য ঘণ্টাকৈ অধ্যয়ন কৰি ইংৰাজীত ৯৬, গণিতত ১০০, সমাজ বিজ্ঞানত ১০০, অসমীয়াত ৯৪, বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ৯৯ নম্বৰে আটাইকেইটা বিভাগত লেটাৰ মাৰ্ক সহ মুঠ ৫৮৯ নম্বৰেৰে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয়। কোৰোণা ভাইৰাছে বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে চৰকাৰী নীতি–নিৰ্দেশনাৰ মাজত ঘোষণা কৰা এই ফলাফলে ছাত্ৰ গৰাকীৰ লগতে এতিয়া আনন্দমুখৰ সৃষ্টি কৰিছে বিদ্যালয়খনত। ইফালে ভৱিষ্যতে  বিজ্ঞান বিভাগত অধ্যয়ন কৰি এগৰাকী সুদক্ষ অভিযন্তা হিচাপে আগবাঢ়ি যোৱাৰ হেঁপাহ পুহি ৰাখিছে মেধাৱী মানস উত্তমে।

শেহতীয়া বাতৰি