''ফিজিটেলাইজেশ্বন হৈছে ফিজিকেল আৰু ডিজিটেলৰ মিশ্ৰিত ব্যৱস্থা, যি ক'ভিডোত্তৰ কালত এটি নতুন নিয়ম হিচাপে পৰিগণিত হৈছে।'' -পঞ্চম ড° অনামিকা ৰায় ৰাষ্ট্ৰীয় গণমাধ্যম বক্তৃতা প্ৰদান কৰি বিখ্যাত সাংবাদিক তথা গ্লবেল মিডিয়া এডুকেচন কাউন্সিলৰ সচিব অধ্যাপক উজ্জ্বল চৌধুৰীয়ে (Prof. Ujjwal Chaudhary) এই উক্তি আগবঢ়ায়। তেওঁ লগতে কয় যে সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি বিনোদন মাধ্যমলৈ সকলো ক্ষেত্ৰত এক মিশ্ৰিত প্ৰযুক্তিৰ পৰিকল্পনাৰে এক নতুন যুগৰ সুচনা কৰা হৈছে। ই-কনচাৰ্ট, সাহিত্য উৎসৱ বা কোনো আলোচনাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে উপস্থিত নাথাকিলেও ডিজিটেল মাধ্যমৰ সহায়ত বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পৰাটোৱে এটি নতুন ব্যৱস্থাৰ সূচনা কৰিছে। এই সংকটৰ পৰিস্থিতিত ম'বাইল জাৰ্নেলিজিমৰ প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি পাইছে। ই পৰম্পৰাগত গণমাধ্যমসমূহৰ কাৰণে প্ৰত্যাহ্বান হিচাপে থিয় হোৱা নাই বৰং সহায়ৰ হাতহে আগবঢ়াইছে।
ন্যাসৰ উপাধ্যক্ষ ৰজত বৰণ মহন্তই আদৰণী ভাষণ আগবঢ়াই ক'ভিডৰ সময়ত ভাৰত চৰকাৰ, ইউনিচেফ আদিৰ সহযোগত প্ৰকাশ কৰা ন্যাসৰ ‘ক'ভিড কথা’, ‘হেঁপাহৰ চিলাখন’ আদি বিভিন্ন বিনামূলীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰে।
এই বক্তৃতা (5th Dr Anamika Rai National Media Lecture)অনুষ্ঠানত অধ্যাপক উজ্জ্বল চৌধুৰীয়ে লগতে কয় যে বিগত বৰ্ষত ক'ভিডে বিভিন্ন ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ ভিতৰত সংবাদ মাধ্যম আৰু মনোৰঞ্জনমূলক ক্ষেত্ৰসমূহৰ লগত জড়িত জ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি একেবাৰে কনিষ্ঠ সকলোলৈকে সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, কিছুমানে চাকৰি হেৰুৱাব লগা হৈছে, কাৰোবাৰ মাহেকীয়া দৰমহা কমি গৈছে আৰু সমগ্ৰ বিশ্বতে সৰু-ডাঙৰ বহুতো সংবাদ প্ৰতিষ্ঠান অতিমাৰিৰ বাবে অচল হৈ পৰিছে। এই কঠিন পৰিস্হিতিৰ পাছতো বিভিন্ন ৱেবপোৰ্টেল, অ'টিটি প্লেটফৰ্ম, ম'বাইল জাৰ্নেলিজিম (MoJo) আদিয়ে মনোৰঞ্জন প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
সংবাদ প্ৰতিষ্ঠান আৰু সংবাদ শিক্ষাৰ মাজৰ যি সম্পৰ্ক তাক সমতুল্য কৰি ৰখাত আৰু দেশৰ লগতে দেশৰ বাহিৰৰ কেইবাটাও সংবাদ শিক্ষাৰ প্ৰতিষ্ঠানক আগবঢ়াই লৈ যোৱাত অধ্যাপক চৌধুৰীৰ অৱদান উল্লেখনীয়। একে সময়তে তেওঁ কিছুমান আন্তৰ্জাতিক সংস্থা যেনে- বিশ্ব স্বাস্থ্য সংস্থা, নেডাৰলেণ্ডৰ আমষ্টাৰডাম ফিল্ম স্কুল, ডুবাইৰ এংকৰ মিডিয়া আদিতো এজন মিডিয়া প্ৰেক্টিচনাৰ হিচাপে কাম কৰিছিল।
উল্লেখ্য, ২০১৫ বৰ্ষত স্থাপিত ড° অনামিকা ৰায় সোঁৱৰণী ন্যাস হৈছে নীতি আয়োগ পঞ্জীয়নভুক্ত এটি শৈক্ষিক আৰু গৱেষণামূলক বেচৰকাৰী তথা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। এই ন্যাসটোৱেই হৈছে দেশত চিকিৎসাজনিত সন্ত্ৰাসৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ গুৰিধৰোঁতা আৰু যিয়ে ৰোগীৰ অধিকাৰ আৰু দায়িত্ববোৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ লগতে 'স্বাস্থ্যৰ অধিকাৰ (Right to Health)ক মৌলিক অধিকাৰ (Fundamental Right) হিচাপে ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে।
পোনপ্ৰথমে ২০১৭ বৰ্ষত এই ভাষণ আগবঢ়াইছিল ন্যেশনেল ইউনিভাৰ্চিটি অৱ চিংগাপুৰৰ অধ্যাপক মোহন জ্যোতি দত্তই। ২০১৮ বৰ্ষত আমেৰিকাৰ অ’হায়ও ইউনিভাৰ্চিটিৰ ড° যতীন শ্ৰীবাস্তৱ, ২০১৯ বৰ্ষত আমেৰিকাৰ টাউছন ইউনিভাৰ্চিটিৰ অধ্যাপক তথা বিবিচি (ইংলেণ্ড)ৰ প্ৰাক্তন সংবাদদাতা ড° পল্লৱী গুহ আৰু ২০২০ বৰ্ষত জ্ঞানবাণী, জ্ঞানদৰ্শন আৰু ভাৰতত কমিউনিটি ৰেডিঅৰ জনক ড° আৰ শ্ৰীধৰে ড° অনামিকা ৰায় ৰাষ্ট্ৰীয় গণমাধ্যম বক্তৃতা প্ৰদান কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।