মুখ্যপৃষ্ঠা »খবৰ »অসম »হাফলঙত ৰাজপথ মেৰামতিত নামিল ৫ম অসম আৰক্ষী বেটেলিয়ানৰ জোৱান

হাফলঙত ৰাজপথ মেৰামতিত নামিল ৫ম অসম আৰক্ষী বেটেলিয়ানৰ জোৱান

হাফলঙত পথ মেৰামতিত নামিল ৫ম অসম আৰক্ষী বেটেলিয়ানৰ জোৱান

এই পথটোৱেই পঞ্চম অসম আৰক্ষী বেটেলিয়ানৰ জোৱানসকলৰ একমাত্ৰ লাইফ লাইন। তেনে ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ উপৰত ভৰসা নকৰি নিজে ওলাই আহে জোৱানসকল।

  • Share this:
বাট-পথ অধিক সুচল কৰাৰ লক্ষ্যৰে হাফলঙৰ ছনটিলাস্থিত পঞ্চম আৰক্ষী বেটেলিয়ানে লৈছে অভিনৱ উদ্যোগ। পাহাৰীয়া ডিমা হাছাও জিলাৰ হাফলঙৰ পঞ্চম আৰক্ষী বেটেলিয়ানৰ জোৱানসকল দেহাঙ্গি হৈ হাফলং-লংকা ৰাজ্যিক ঘাইপথ মেৰামতিৰ বাবে ওলাই আহে।

উল্লেখযোগ্য যে, পথৰ শোচনীয় অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি পঞ্চম আৰক্ষী বেটেলিয়ানৰ কমান্ডেন্ট লোমহাও দৌঙ্গেলৰ নেতৃত্বত শনিবাৰে চলে এই পথ মেৰামতি কাৰ্য। ছনটিলাৰ পৰা হাফলঙৰ দূৰত্ব প্ৰায় ১৫ কিলোমিটাৰ। তদুপৰি, এই পথটোৱেই পঞ্চম অসম আৰক্ষী বেটেলিয়ানৰ জোৱানসকলৰ একমাত্ৰ লাইফ লাইন। তেনে ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ উপৰত ভৰসা নকৰি নিজে ওলাই আহে জোৱানসকল।

বিগত বৰ্ষত প্ৰাকৃতিক দুৰ্যোগত এই ছনটিলা হাফলং দেহাঙ্গী ৰাজ্যিক ঘাইপথ অতিকৈ ক্ষতিগ্ৰস্ত হৈছিল। পাছত পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই পথটো সুচল কৰাৰ বাৱে ব্যৱস্থা হাতত লৈছিল যদিও সম্পূৰ্ণৰূপে যানবাহন চলাচলৰ বাবে উপযোগী হৈ উঠা নাই।

উল্লেখনীয় যে, ২০২২ চনৰ এপ্ৰিল আৰু মে' মাহৰ নেৰানেপেৰা বৰষুণে পাহাৰীয়া ডিমা হাছাও জিলাত অমানিশা নমাই আনিছিল। ভূমিস্খলনৰ বাবে এগৰাকী শিশুৰ লগতে মুঠ তিনি গৰাকী ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি লৈছিল। ইপিনে বৰষুণৰ বাবে জিলাখনত ৰে'ল চলাচল ব্যহত হৈছিল। সত্তৰটা পৃথক ঠাইত হোৱা ভূমিস্খলনৰ ফলত প্ৰায় আঢ়ৈ মাহ ৰে'ল চলাচল ব্যাহত হৈ আছিল। নিউ হাফলং ষ্টেচন ধ্বংসস্তুপত পৰিণত হৈছিল।

সেইসময়ত ৰে'লপথৰ উপৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ অধিক ক্ষতিগ্ৰস্ত হৈছিল। পৰৱৰ্তী সময়ত যুদ্ধকালীন গতিৰে ৰে'লপথ মেৰামতিৰ কাম আৰম্ভ হৈছে যদিও বাট পথ সাময়িকভাৱে খুলি দিয়া হৈছিল। কিন্তু নতুনকৈ নিৰ্মাণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যবস্থা লোৱা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে পথ মেৰামতিৰ বাৱে আজি বাটত পঞ্চম আৰক্ষী বেটেলিয়ানৰ জোৱানসকল ওলাই আহে। পঞ্চম আৰক্ষী বেটেলিয়ানৰ প্ৰায় ২০ৰ পৰা ৩০ গৰাকী জোৱানে পথ মেৰামতিৰ কামত ভাগ লোৱা পৰিলক্ষিত হয়।

শেহতীয়া বাতৰি