অৱশেষত কাছাৰ আৰু নগাওঁ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ বাবে আহিল আশাৰ বাতৰি। আগন্তুক দুমাহৰ ভিতৰতে অসম চৰকাৰে মোকলাই দিব কাছাৰ আৰু নঁগাও কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ প্ৰাপ্য ৫৭০ কোটি টকা। ইতিমধ্যেই হিন্দুস্থান পেপাৰ কৰ্পোৰেচনৰ সৈতে এই সন্দৰ্ভত চুক্তি স্বাক্ষৰিত কৰিছে অসম চৰকাৰে। লগতে ৰাজ্য চৰকাৰে ৯০ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিব চৰকাৰী চাকৰি।
মঙলবাৰে নিশা প্ৰায় ২ বজালৈকে কাগজ কলৰ কৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হৈছিল। আৰু বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে এক আনন্দময় পৰিবেশৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলত। কাগজ কলৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্য চৰকাৰক।
উল্লেখ যে, ২০১৯ চনৰ ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছে কাছাৰ আৰু নগাওঁ কাগজ কল। সুদীৰ্ঘ ৫৬ মাহৰ পৰা বন্ধ আছে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰো দৰমহা। তাৰ পিছৰ পৰাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন সময়ত কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ বহু প্ৰতিশ্ৰুতি দিছিলে। কিন্তু প্ৰতিশ্ৰুতিৰ বিপৰীতে যোৱা ১ জুনত দেশৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই জাৰি কৰে কাগজ কল দুটাৰ নিলামৰ জাননী ৷ আৰু ৩ ছেপ্টেম্বৰত লিকুইডেটেডৰ কুলদীপ বাৰ্মাই এই কৰ্মচাৰী সকলোৰ আৱাস গৃহখালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 29, 2021, 13:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।