• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঞ্জিত দাসৰ তিনি বিভাগত মঙলবাৰে সম্পন্ন নিযুক্তি পৰ্ব, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰঞ্জিত দাসৰ তিনি বিভাগত মঙলবাৰে সম্পন্ন নিযুক্তি পৰ্ব, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসন বিভাগত নিযুক্তি চৰকাৰৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসন বিভাগত নিযুক্তি চৰকাৰৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসন বিভাগত নিযুক্তি চৰকাৰৰ

  • Share this:

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ (minister Ranjeet Das) তিনি বিভাগত মঙলবাৰে সম্পন্ন হয় নিযুক্তি পৰ্ব৷ মন্ত্ৰীগৰাকীৰ তিনি বিভাগত ৫৪৬গৰাকী বিষয়া-কৰ্মচাৰীক প্ৰদান কৰে নিযুক্তি পত্ৰ (appointment letters to 546 officers and employees)৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ।


শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ২১৮ গৰাকী সহকাৰী অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১৫৫গৰাকী কাৰিকৰী বিষয়া, সাধাৰণ প্ৰশাসন বিভাগৰ ১৭৩গৰাকী কনিষ্ঠ প্ৰশাসনিক সহায়কক নিযুক্তি প্ৰদান কৰে ।


নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) কয়- ''পঞ্চায়ত বিভাগত অভিযন্তাৰ অভাৱত বহুত কাম কৰিব পৰা নাছিলোঁ ৷ এতিয়া অভিযন্তা নিযুক্ত হ'ল, পূৰ্বৰ অভাৱ দূৰ হ'ল ৷ এতিয়া চৰকাৰী অভাৱ দূৰ হ'ব লাগিব ৷''


মুখ্যমন্ত্ৰীৰ লক্ষ্য বছৰত অভিযন্তাসকলৰ বাবে এটা বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব ৷ এবাৰ বাছনি হোৱাৰ পিছত বিভাগসমূহে তাৰ পৰা নিযুক্তি প্ৰদান কৰিব পাৰিব ৷ তেওঁ কয় যে  বহুতে গড়কাপ্তানী বিভাগ ভাল পায়, কিন্তু পঞ্চায়ত বেয়া পায় ৷ কিন্তু সেই ধাৰণা সলনি হৈছে এতিয়া ৷  সেই সময়ৰ চৰকাৰ নাই এতিয়া ৷ গতিকে এই তেনে সুযোগ কোনোবাই পাম বুলি ভাবিলে ভুল কৰা হ'ব।

Published by:Gautam Barman
First published: