ডিব্ৰুগড়ত ১২ আৰক্ষীসহ একেদিনাই ৫৩জন লোকৰ দেহত ধৰা পৰিল কোভিড–১৯

News18 Assam | News18-Assam
Updated:July 13, 2020, 6:45 PM IST
ডিব্ৰুগড়ত ১২ আৰক্ষীসহ একেদিনাই ৫৩জন লোকৰ দেহত ধৰা পৰিল কোভিড–১৯
ডিব্ৰুগড়ত ৩৭৫জনলৈ কোৰোণা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী।

ডিব্ৰুগড়ত ৩৭৫জনলৈ কোৰোণা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী।

  • Share this:
ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ ৰূপ। এদিনতে ৫৩জনৰ দেহত ওলাল কোৰোণা পজিটিভ। আজিৰ দিনটোতে জিলাখনত ধৰা পৰিল মুঠ ৫৩ গৰাকী কোৰোণা পজিটিভ লোক। ইয়াৰে ১৩ গৰাকী ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে সদৰ থানাত কৰ্মৰত আৰক্ষীৰ লোক। গুৱাহাটীৰ পিছত ডিব্ৰুগড়ত এনেদৰে কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত গণ সংক্ৰমনৰ শংকা প্ৰকাশ কৰা হৈছে।

জানিব পৰা মতে, সৰহসংখ্যক লোকৰ সংক্ৰমণ চিনাক্ত নোহোৱাৰ পূৰ্বে আক্ৰান্ত ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহাৰ ফলতে হৈছে। ইয়াৰে চহৰখনৰ মেডিকেল কলেজৰ সমীপৰ বৰ্মন নগৰৰ ১৫গৰাকী লোক আক্ৰান্ত হোৱাত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ আতংক। ডিব্ৰুগড়ত ৩৭৫জনলৈ কোৰোণা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী।
Published by: Sanjay Kumar Das
First published: July 13, 2020, 6:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading