মুখ্যপৃষ্ঠা »খবৰ »অসম »NAZIRA : নাজিৰাত তিনি বছৰীয়া শিশুক যৌন নিৰ্যাতন ৫২ বছৰীয়া লম্পটৰ 

NAZIRA : নাজিৰাত তিনি বছৰীয়া শিশুক যৌন নিৰ্যাতন ৫২ বছৰীয়া লম্পটৰ 

লম্পট হৰি লোহাৰক তিনি দিনৰ বাবে আৰক্ষী জিম্মাত লয়।

লম্পট হৰি লোহাৰক তিনি দিনৰ বাবে আৰক্ষী জিম্মাত লয়।

লম্পট হৰি লোহাৰক তিনি দিনৰ বাবে আৰক্ষী জিম্মাত লয়।

  • Share this:
নাজিৰা মহকুমাৰ মেকীপুৰ চাহ বাগিচাত তিনি বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল এজন ৫২ বছৰীয়া লম্পট। ঘটনা অনুসৰি, কালি মেকীপুৰ চাহ বাগিচাৰ খাপৰা লাইনৰ হৰি লোহাৰ  নামৰ ব্যক্তিজনে পিতৃ - মাতৃ তথা ঘৰত কোনো নথকাৰ সুযোগ লৈ তিনি বছৰীয়া এটি কন্যা শিশুক যৌন নিৰ্যাতন চলায়।

কন্যা শিশুটিয়ে ভয় খাই চিঞৰ-বাখৰ কৰাত কাষতে থকা বুঢ়ী মাকে ততাতৈয়াকৈ আহি শিশুটিক উদ্ধাৰ কৰে। সন্ধিয়া ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে লম্পট হৰি লোহাৰক স্থানীয় ৰাইজে ধৰি মাৰপিট কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।

লগে লগে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুক যৌন নিৰ্যাতন চলোৱা হৰি লোহাৰক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত আজি নাজিৰা আদৰ্শ আৰক্ষী থানাত ৭১ / ২০২২ নম্বৰৰ এটা গোচৰ কৰি নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই আৰু অধিক তদন্তৰ বাবে লম্পট হৰি লোহাৰক তিনি দিনৰ বাবে আৰক্ষী জিম্মাত লয়। ঘটনাৰ সন্দৰ্ভত নাজিৰাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি