ভয়ংকৰ খবৰ, গুৱাহাটীত ভাৰতীয় সেনাৰ ৫২জন জোৱানৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ

News18 Assam | News18-Assam
Updated:July 1, 2020, 2:16 PM IST
ভয়ংকৰ খবৰ, গুৱাহাটীত ভাৰতীয় সেনাৰ ৫২জন জোৱানৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ
Source-Google

২৬ জুনত এই জোৱানসকলৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

  • Share this:
সমগ্ৰ দেশৰ লগতে অসমতো ভয়ংকৰ ৰূপ লৈছে কোৰোণা মহামাৰীয়ে। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে অসমত এই মহামাৰীত আক্ৰান্ত হৈছে ৮৭৪৭জন লোক। ইয়াৰ ভিতৰত সুস্থ হৈ ঘৰলৈ উভতিছে ৫৬৪৭জন লোকে। বৰ্তমান চিকিৎসাধীন হৈ আছে ২৮৮৫জন।

ইয়াৰ মাজতে আহিছে এক উদ্বেগজনক খবৰ। গুৱাহাটীত কোৰোণাত আক্ৰান্ত হৈছে ৫২জন সেনা জোৱান। গুৱাহাটী ৰে’ল ষ্টেচন চৌহদত থকা ভাৰতীয় সেনাৰ ২৪০ ট্ৰেনজিত কেম্পৰ ৫২জন জোৱানৰ দেহত পোৱা গৈছে কোভিড–১৯ৰ সংক্ৰমণ। ২৬ জুনত এই জোৱানসকলৰ নমুনা সংগ্ৰহ কৰা হৈছিল। মঙলবাৰে অহা ফলাফলত ৫২জনৰ দেহত পোৱা গ’ল কোৰোণা ভাইৰাছৰ অৱস্থিতি।
First published: July 1, 2020, 2:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading