মুখ্যপৃষ্ঠা »খবৰ »অসম »মণিকাঞ্চন সংযোগৰ ৫০০ বছৰ উপলক্ষে সদৌ অসম মাজুলী আঁহতগুৰি উৎসৱ উদযাপন

মণিকাঞ্চন সংযোগৰ ৫০০ বছৰ উপলক্ষে সদৌ অসম মাজুলী আঁহতগুৰি উৎসৱ উদযাপন

X
মাজুলীত //

মাজুলীত সদৌ অসম মাজুলী আঁহতগুৰি উৎসৱ

শাক্তধৰ্মী মাধৱদেৱে মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মহাপুৰুষীয়া ধৰ্ম তথা একশৰণ নামধৰ্মৰ প্ৰচাৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছিল মণিকাঞ্চন সংযোগৰ পাচৰে পৰা। উক্ত মণিকাঞ্চন সংযোগে গৰকিলে সুদীৰ্ঘ ৫০০ বছৰ। উক্ত সংযোগ হৈছিল তেতিয়াৰ মাজুলীৰ ধুঁৱাহাট বেলগুৰিত। পৰৱৰ্তী সময়ত লখিমপুৰৰ নাৰায়ণপুৰত প্ৰতিষ্ঠা কৰা হয় ধুঁৱাহাট বেলগুৰি সত্ৰ।

  • Share this:
চাণক্য বৰুৱা, তেজপুৰ: আজিৰ পৰা ঠিক ৫০০ বছৰৰ পূৰ্বে মহামিলন ঘটিছিল দুই মহাপুৰুষৰ ৷ সেই দুগৰাকী মহাপুৰুষ হ'ল জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ৷ উক্ত মহামিলনকে লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ হিচাবে অভিহিত কৰি গৈছে।

শাক্তধৰ্মী মাধৱদেৱে মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মহাপুৰুষীয়া ধৰ্ম তথা একশৰণ নামধৰ্মৰ প্ৰচাৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছিল মণিকাঞ্চন সংযোগৰ পাচৰে পৰা ৷ উক্ত মণিকাঞ্চন সংযোগে গৰকিলে সুদীৰ্ঘ ৫০০ বছৰ ৷ উক্ত সংযোগ হৈছিল তেতিয়াৰ মাজুলীৰ ধুঁৱাহাট বেলগুৰিত। পৰৱৰ্তী সময়ত লখিমপুৰৰ নাৰায়ণপুৰত প্ৰতিষ্ঠা কৰা হয় ধুঁৱাহাট বেলগুৰি সত্ৰ।

মণিকাঞ্চন সংযোগৰ ৫০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেওবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীত আৰম্ভ হৈছে সদৌ অসম মাজুলী আঁহতগুৰি উৎসৱ ৷ গুৰুদুজনাক সেৱা জনাই অনুষ্ঠিত কৰা উক্ত অনুষ্ঠান অনুষ্ঠিত হৈছে ঐতিহাসিক আঁহতগুৰি মৌজাৰ শিকলি চাপৰিৰ মনিকাঞ্চন সংযোগ ক্ষেত্ৰত ৷ উক্ত অনুষ্ঠানৰ মাজেৰেই গুৰু দুজনাৰ স্মৃতি বিজড়িত শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি থানক পুনৰ উজ্জীৱিত কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে ৷

আহঁতগুৰি উৎসৱ উদযাপন সমিতিয়ে অন্তিম দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আঁহতগুৰি গৌৰৱ বঁটা প্ৰদান কৰিব ৷ ইয়াৰোপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰিব আঁহতগুৰি মনিকাঞ্চন সংযোগ বঁটা । উক্ত অনুষ্ঠানতে ঐতিহাসিক আঁহতগুৰিৰ পূৰ্ণাংগ বুৰঞ্জী 'মনিকাঞ্চন মিলন থলি-আঁহতগুৰিৰ ইতিহাস' শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হ'ব ৷

শেহতীয়া বাতৰি