কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এখন গাওঁ, ৫০০টা নাগৰিকৰ জীৱন চলি আছে এটা কুঁৱাৰে

News18 Assam | News18-Assam
Updated:June 24, 2020, 4:59 PM IST
কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এখন গাওঁ, ৫০০টা নাগৰিকৰ জীৱন চলি আছে এটা কুঁৱাৰে
ফাইল ফটো

বোকাখাত সমষ্টিৰ কাৰ্বি আংলং সীমাৰ কাকচাং গাঁৱৰ কাহিনী এইয়া ৷ 

  • Share this:
এসময়ত গাঁওখনত প্ৰতিঘৰ মানুহৰে একোটাকৈ টিউবেল আছিল ৷ আজি কিন্তু নতুন প্ৰজন্মই টিউবেল চিনি নাপায় ৷ গাঁওখনত এতিয়া এটা কুঁৱাহে আছে ৷ সেই কুঁৱাটোক কেন্দ্ৰ কৰিয়েই চলি আছে ৫ শ নাগৰিক আৰু গাঁওখনৰ কাহিনী ৷ বোকাখাত সমষ্টিৰ কাৰ্বি আংলং সীমাৰ কাকচাং গাঁৱৰ কাহিনী এইয়া ৷

গাঁওখনৰ মানুহৰ বাবে মাত্ৰ এটা কুৱাঁহে আছে ৷এইয়া কোনো চিনেমাৰ দৃশ্য নহয় ৷ শাৰী পাতি মুৰত কলহ লৈ এনেকৈয়ে  স্বাধীন ভাৰতৰ নাগৰিকে আজিও কুঁৱাৰ পৰা পানী আনিবলৈ যায় ৷ বোকাখাতৰ মহমাইকী গাঁও পঞ্চায়তৰ ১০ ৱাৰ্ডৰ নাগৰিক এওঁলোক ৷ যি আজিও লাভ কৰা নাই খোৱা পানী ৷

গাঁওখনৰ ৫ শ পৰিয়ালৰ মাজত থকা একমাত্ৰ কুঁৱাটোৰ পাৰত বাগিছা ছুটি হোৱাৰ পাছত আৰু পুৱাৰ ভাগত ভিৰ লাগে ৷ কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সামাজিক ব্যৱধান মানি চলিবলৈ নিৰ্দেশ দি অহা হৈছে যদিও বাস্তৱতে এই নিৰ্দেশ ৰাইজে কেনেকৈ মানি চলিব সেয়া এক নুবুজা সাঁথৰ। কুঁৱাৰ পৰা পানী আনিবলৈ যোৱা পথটোৰ অৱস্থাও তথৈবচ। উক্ত অঞ্চলটোৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা এটা পানীযোগান আচনিৰ কেন্দ্ৰ দিছিল যদিও সেই আঁচনিখন এখন ব্যক্তিগত বাগিছাতহে স্থাপন কৰিলে বুলি স্থানীয় লোকে মতপোষণ কৰে।

কাৰ্বি আংলঙ সীমান্তৰ গাঁওখন তুলনামুলক ভাৱে সমতলতকৈ ওখত অৱস্থিত ৷ টিউৱেল বহুৱালেও পানী উলিয়াবলৈ সক্ষম নহয় গাঁওবাসী ৷ বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী  অতুল বৰাই  গৃহ সমষ্টি আৰু নিজৰ পঞ্চায়তৰ এই লোকসকলৰ বাবে অকনমান ভাবিবনে?
First published: June 24, 2020, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading