কংগ্ৰেছৰ বেয়া দিন চলি থকা সময়তে বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে ত্যাগ কৰে দলটো। এটি বৃহৎ অঞ্চলৰ সংখ্যালঘু পুৰুষ-মহিলাই কংগ্ৰেছ ত্যাগ কৰি অগপ দলত যোগদান কৰে। পশ্চিম গুৱাহাটী সমষ্টিত অসম গণ পৰিষদ (AGP) দলত যোগদান কৰে প্ৰায় ৫০০ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে।
পশ্চিম গুৱাহাটী সমষ্টিৰ আজাৰা হাটখোৱাপাৰা আজাদ ক্লাবৰ উদ্যোগত সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অগপৰ প্ৰাক্তন বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক নুৰুল হুছেইনৰ উপস্থিতিত হাটখোৱাপাৰা অঞ্চলৰ কংগ্ৰেছৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে (Congress Workers Join in AGP)।
অগপত যোগদান দিয়া লোকসকলক পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (MLA Ramendra Narayan Kalita) আৰু অগপ কৰ্মীয়ে প্ৰদান কৰে অগপৰ বেজ, পৰিচয় পত্ৰ , পতাকা আৰু অগপ দলৰ টুপী। উক্ত অনুষ্ঠানত আজাদ ক্লাবৰ সদস্যসকলে হাটখোৱাপাৰা অঞ্চলৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা-নৰ্দমাৰ সু-ব্যৱস্থা, জৰাজীৰ্ণ পথ মেৰামতি আৰু খেলুৱৈসকলৰ বাবে খেলৰ কিছু সামগ্ৰী প্ৰদানৰ অনুৰোধ জনাই বিধায়ক কলিতাক স্মাৰক পত্ৰ প্ৰদান কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|