মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লাইলাপুৰ কাণ্ড : অসম আৰক্ষীৰ বীৰ শ্বহীদৰ পৰিয়ালক চৰকাৰে দিলে ৫০ লাখ টকাৰ চেক

লাইলাপুৰ কাণ্ড : অসম আৰক্ষীৰ বীৰ শ্বহীদৰ পৰিয়ালক চৰকাৰে দিলে ৫০ লাখ টকাৰ চেক

News18 Assam | News18-Assam
Updated:July 29, 2021, 7:16 PM IST
লাইলাপুৰ কাণ্ড : অসম আৰক্ষীৰ বীৰ শ্বহীদৰ পৰিয়ালক চৰকাৰে দিলে ৫০ লাখ টকাৰ চেক
মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহালে বুধবাৰে আহত ৪২ গৰাকী লোকক এক লাখকৈ টকাৰ চেক প্ৰদান কৰে।

মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহালে বুধবাৰে আহত ৪২ গৰাকী লোকক এক লাখকৈ টকাৰ চেক প্ৰদান কৰে।

  • Share this:
অসম মিজোৰাম সীমান্তৰ লাইলপুৰত মিজো আৰক্ষীৰ গুলীত নিহত হৈছে অসম আৰক্ষীৰ ছয় গৰাকী বীৰ শ্বহীদ। ঘটনাৰ এদিন পিছতেই কাছাৰ ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত ঘোষণা কৰিছিল যে চৰকাৰে শ্বহীদসকলৰ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ উপৰি পৰিয়ালৰ এগৰাকী লোকক চৰকাৰী চাকৰি প্ৰদান কৰিব। ঘটনাত আহত সকলকো এক লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ ২৪ ঘণ্টাৰ ভিতৰতে বৰাক উপত্যকাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহালে বুধবাৰে আহত ৪২ গৰাকী লোকক এক লাখকৈ টকাৰ চেক প্ৰদান কৰে। তাৰ পিছত বৃহস্পতিবাৰে অসম আৰক্ষীৰ শ্বহীদ শ্যামা প্ৰসাদ ডুছাদ আৰু মজৰুল হক বৰভূঞাৰ শোকসন্তপ্ত পৰিয়ালকবৰ্গক সাক্ষাৎ কৰি ৫০ লাখ টকাৰ চেক প্ৰদান কৰে।

অভিভাৱক মন্ত্ৰীয়ে চেক প্ৰদান কৰাৰ সময়ত লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, অসম বিধান সভাৰ প্ৰাক্তন উপাধাক্ষ আমিনুল হক লস্কৰ, কাছাৰ জিলাৰ উপাযুক্ত কিৰিথি জলিৰ লগতে অন্যান্য বহু সংখ্যক লোক উপস্থিত আছিল।
Published by: Sanjay Kumar Das
First published: July 29, 2021, 7:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি