হোজাইত ভয়ংকৰভাৱে বৃদ্ধি কোভিড–১৯ ৰোগীৰ সংখ্যা, এদিনতে ৫০জন লোকৰ দেহত ধৰা পৰিল কোভিড পজিটিভ

News18 Assam | News18-Assam
Updated:June 29, 2020, 10:47 AM IST
হোজাইত ভয়ংকৰভাৱে বৃদ্ধি কোভিড–১৯ ৰোগীৰ সংখ্যা, এদিনতে ৫০জন লোকৰ দেহত ধৰা পৰিল কোভিড পজিটিভ
হোজাই জিলাত এতিয়ালৈ মুঠ ৩০৩জনৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছে৷

হোজাই জিলাত এতিয়ালৈ মুঠ ৩০৩জনৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছে৷

  • Share this:
হোজাই জিলাত উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভৰ সংখ্যা৷ দেওবাৰে জিলাখনত ধৰা পৰিছে ৫০জন কোভিড–১৯ আক্ৰান্ত ৰোগী। ইয়াৰে ভিতৰত ডবকাৰ আছে তিনিজন৷ ডবকাৰ হোটেল তাজমহলৰ স্বত্বাধিকাৰীৰ পত্নী মৰিয়ম বেগম, মদাৰতলীত থকা কে আৰ চি পেট্ৰল পাম্পৰ পৰিচালক অনিল শৰ্মা আৰু জংগল ব্লক গাঁৱৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত আব্দুল কাদিৰ নামৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ৷

ইতিমধ্যে দেওবাৰে নিশাই হোজাই জিলা প্ৰশাসনে হোটেলখন আৰু পেট্ৰ’ল পাম্পটো ছেনিটাইজ কৰি ছীল কৰি দিয়ে। লগতে আটাইকেইজনকে স্বাস্থ্য বিভাগে উদ্ধাৰ কৰি যোগীজান কোভিড হাস্পতাললৈ প্ৰেৰণ কৰিছে৷ দেওবাৰে নতুনকৈ ধৰা পৰা ৫০জনৰ ভিতৰত লংকাৰ পাঁচগৰাকী স্বাস্থ্যকৰ্মীও আছে৷ ডবকাৰ তিনিগৰাকী ৰোগীৰ ভিতৰত পেট্ৰ’ল পাম্পৰ পৰিচালক অনিল শৰ্মা আৰু তাজমহল হোটোলৰ মৰিয়ম বেগমৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই৷ ইয়াকে লৈ শংকিত হৈ পৰিছে ডবকাবাসী৷

তথ্য অনুসৰি, হোজাই জিলাত এতিয়ালৈ মুঠ ৩০৩জনৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছে৷ ইয়াৰ ভিতৰত চিকিৎসাৰ অন্তত ২৬৭গৰাকীক মুকলি কৰি দিয়া হৈছে। বাকী ১৩৬ গৰাকী চিকিৎসাধীন হৈ আছে। ইয়াৰে  দুই শতাধিক কোৰোণা ৰোগী যমুনামুখ সমষ্টিৰ। যমুনামুখৰ এজন যুৱকৰ ইতিমধ্যে কোৰোণাত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে।
First published: June 29, 2020, 10:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading