• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজপথত ৰৈ আছিল মৃত্যুদূত! বিয়া খাবলৈ গৈ ঘূৰি নাহিল সন্দীপ, সঞ্জয়, সমীৰ, বিবেক আৰু বিকাশ

ৰাজপথত ৰৈ আছিল মৃত্যুদূত! বিয়া খাবলৈ গৈ ঘূৰি নাহিল সন্দীপ, সঞ্জয়, সমীৰ, বিবেক আৰু বিকাশ

ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৫জন যুৱক থিতাতে নিহত হয়।

ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৫জন যুৱক থিতাতে নিহত হয়।

ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৫জন যুৱক থিতাতে নিহত হয়।

  • Share this:
এক শোকাৱহ দুৰ্ঘটনাৰ পিছতে এতিয়া বোকাখাতত পৰিছে শোকৰ ছাঁ। বিবাহ যাত্ৰী হিচাপে গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাবটিলে বোকাখাতৰ ৫ যুৱকে ৷ নগাঁও জিলাৰ কলিয়াবৰৰ হাতীয়েখোৱাত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৫জন যুৱক থিতাতে নিহত হয়।

নিহত ৫জন যুৱকৰ ঘৰ বোকাখাতত৷ বোকাখাতৰ কলাখোৱা গাঁৱৰ পৰা বৰযাত্ৰী হিচাপে এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ হুণ্ডাই অ’ৰাখনত কলাখোৱা গাঁৱৰ সন্দীপ কুমাৰ পাল, সঞ্জয় দাস, সমীৰ পাল আৰু ম'হমাইকী গাঁৱৰ বিবেক দাস আৰু বিকাশ শৰ্মা তেজপুৰ ঠেলামৰালৈ বুলি আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা গৈ থকা ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়৷

মুখামুখি সংঘৰ্ষৰ ফলত হুণ্ডাই অ’ৰা বাখনখনত থকা ৫জন যুৱকৰে থিতাতে মৃত্যু ঘটে৷ লাহে লাহে এই খবৰ বিয়পি পৰাৰ পিছত নিশাই নিহত যুৱককেইজনৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷

মৃত ৫জন যুৱকৰ ৪ জন অবিবাহিত আছিল যদিও সন্দীপ কুমাৰ পাল বিবাহিত আছিল৷ ৩ বছৰীয়া এটি সন্তানৰ লগতে পত্নী সন্তানসম্ভৱা আছিল৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি