মাতৃৰ সৈতে শুকুৰবাৰে ৰে’লেৰে কলকাতাৰ পৰা ঘৰলৈ আহিছিল শিশুটি।
মাতৃৰ সৈতে শুকুৰবাৰে ৰে’লেৰে কলকাতাৰ পৰা ঘৰলৈ আহিছিল শিশুটি।
বৰপেটাৰোড চহৰৰ ১০নং ৱাৰ্ডৰ মানাসপুৰক কণ্টেইনমেণ্ট জ'ন ঘোষণা ৷ মঙলবাৰে এটি ৫ বছৰীয়া শিশু কোৰোণাত আক্ৰান্ত হোৱাক লৈ চহৰখনত সৃষ্টি হোৱা চৰম আতংকময় পৰিস্থিতিৰ মাজতে বৰপেটা জিলা প্ৰশাসনে বহু পলমকৈ হ’লেও অঞ্চলটোক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে৷ মাতৃৰ সৈতে শুকুৰবাৰে ৰে’লেৰে কলকাতাৰ পৰা ঘৰলৈ আহিছিল শিশুটি। পজিটিভ ফলাফল অহাৰ পিছতে মঙলবাৰে নিশা শিশুটিৰ লগতে মাতৃকো লৈ যোৱা হয় হাস্পতাললৈ৷
কিন্তু কেৰোণাত আক্ৰান্ত শিশুটোৰ সংস্পৰ্শলৈ অহা পৰিয়ালটোৰ লগতে একেটা চৌহদতে বাস কৰা আন লোকসকলৰ নমুনা পৰীক্ষা বা হোম কোৱাৰেণ্টাইনৰো কোনো ব্যৱস্থা লোৱা নাছিল প্ৰশাসনে৷ বৰপেটা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কোৰোণাক লৈ ল’ৰাধেমালি কৰা বুলি চহৰবাসীয়ে ক্ষোভ ব্যক্ত কৰে৷ অৱশেষত ৰাইজৰ ক্ষোভ আৰু সংবাদ মাধ্যমৰ তৎপৰতাৰ পিছতে বৰপেটাৰোড চহৰৰ ১০নং ৱাৰ্ডৰ মানাসপুৰ অঞ্চলটো ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে জিলা প্ৰশাসনে৷ লগতে কোৰোণাত আক্ৰান্ত শিশুটিৰ সংস্পৰ্শলৈ অহা লেকসকলৰ নমুনা সংগ্ৰহ কৰে স্বাস্থ্য বিভাগৰ লোকে৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|