আদালতৰ ৰায় অনুসৰি দোষী দিগন্ত শইকীয়াক পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকা জৰিমনা বিহে।
আদালতৰ ৰায় অনুসৰি দোষী দিগন্ত শইকীয়াক পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকা জৰিমনা বিহে।
এগৰাকী ছাত্ৰীক শিক্ষানুষ্ঠানত যৌন নিৰ্যাতন চলোৱা এজন লোকক চৰাইদেউৰ বিশেষ ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায়দান কৰি কাৰাদণ্ড বিহিছে। উল্লেখ্য যে, ২০১৬ চনতেই সংঘটিত এই ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (ক) ধাৰাৰ অধীনত ১৮৮/১৬ নং গোচৰ ৰুজু হৈছিল।
প্ৰাপ্ত তথ্য মতে, সোণাৰি নগৰৰ সমীপৱৰ্তী ভজো বগৰিগুৰিস্থিত আৱাসিক বিদ্যালয় কস্তৰবা গান্ধী বালিকা বিদ্যালয়ত এগৰাকী কাৰ্যালয়ৰ গাণনিক সহায়ক ও তত্বাৱধায়ক কৰ্মচাৰী হিচাপে কৰ্মৰত দিগন্ত শইকীয়াই বিগত ২০১৬ চনৰ ২৪ ছেপ্টেম্বৰত বিদ্যালয়ৰ বাথৰুমত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়খনতে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল। পাছত ছাত্ৰীগৰাকীৰ পিতৃয়ে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।
সোণাৰি আৰক্ষী থানাত ৰুজু হোৱা ১৮৮/১৬ নং গোচৰটো পৰৱৰ্তী সময়ত আদালতৰ অধীনলৈ যায়। সেই অনুসৰি চৰাইদেউৰ বিশেষ ন্যায়াধীশৰ আদালতত ৰুজু হোৱা গোচৰ নং ৪৯/১৬ মৰ্মে আইনী প্ৰক্ৰিয়াৰ বিচাৰ আৰম্ভ হয়। দীৰ্ঘদিন ধৰি চলা বিচাৰৰ অন্তত আদালতে বৃহস্পতিবাৰে দোষী সাব্যস্ত কৰে অভিযুক্ত দিগন্ত শইকীয়াক।
সেইমৰ্মে, আদালতৰ ৰায় অনুসৰি দোষী দিগন্ত শইকীয়াক পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকা জৰিমনা বিহে। জৰিমনা আদায় নিদিলে অতিৰিক্ত এমাহ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে গোচৰটোৰ চূড়ান্ত ৰায় দিয়ে। মন কৰিবলগীয়া যে দোষী সাব্যস্ত হোৱা দিগন্ত শইকীয়া চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হিচাপে বৰ্তমান নিয়োজিত হৈ আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|