ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে নিৰ্মাণ কৰা এখন কোটি টকীয়া চকিৎসালয়। চিকিৎসালয়খনত আছে আছে ধুনীয়া ধুনীয়া বিছনা, আছে আচবাব, আছে যন্ত্ৰ-পাতি আদি। আনকি চিকিৎসক-নাৰ্ছ-কৰ্মচাৰীৰ বাবে আৱাসগৃহও আছে। কিন্তু ইমানৰ পিছতো ৰোগী নাহে চিকিৎসালয়লৈ।
এইখন নতুনকৈ নিৰ্মাণ কৰা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাঁচ বছৰ হ'ল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ। প্ৰায় ২০-২৫খন গাঁৱৰ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা এই চিকিৎসালয়খনলৈ কিন্তু আজিলৈ এজনো ৰোগী অহা নাই। কাৰণ চিকিৎসালয়খনত সকলো আছে যদিও নাই চিকিৎসক, নাৰ্ছ বা অন্য কোনো স্বাস্থ্য কৰ্মী। আজিলৈ ৰোগীৰ বাবে মুকলি নহ'ল কুকাৰপাৰৰ এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।
কোৰোণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তো মুকলি নহ'ল চিকিৎসালয়খন। ইয়াকে লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। ৰাইজৰ অভিযোগ চিকিৎসা সেৱাৰ নামত চৰকাৰে গঞা ৰাইজক এনেকুৱা সুন্দৰ সুন্দৰ গৃহ একোটাহে উপহাৰ দিছে। কুকাৰপাৰৰ ৰাইজে কয় যে তেওঁলোকে বিগত ৫ বছৰ প্ৰাথমিক চিকিৎসালয়ৰ নামত থকা এই সুন্দৰ গৃহটো চাইয়েই পাৰ কৰিলে।