ভাৰতবৰ্ষৰ সাহসী মহিলা আনছু জামছেনপা। পাঁচবাৰৰ এভাৰেষ্টাৰ পূৰ্বোত্তৰৰ গৌৰৱ আনছু জামছেনপা। ২০১৯ বর্ষত টেনজিং নৰ্গে ৰাষ্ট্ৰীয় সাহসী বঁটাৰ গৰাকী আনছু জামছেনপা। অসমৰ জীয়ৰী তথা অৰুণাচল প্ৰদেশৰ বোৱাৰী আনছু জামছেনপাই এইবাৰ মাউন্ট নুন আৰোহণৰ বাবে সম্প্ৰতি কাৰ্গিলত গৈ উপস্থিত হৈছে।
উত্তৰ ভাৰতৰ ৭১৩৫ মিটাৰ উচ্চতাৰ নুন পৰ্বত আৰোহণৰ বাবে আনছুক সময় লাগিব ২৪ দিন। বৰ্তমান সময়লৈ বিশ্বৰ সৰু–বৰ প্ৰায় ২০টা মাউণ্ট আৰোহণ কৰা আনছুৱে লেহলৈ ৰাওনা হোৱাৰ সময়তো যথেষ্ট আত্মবিশ্বাসী আছিল। লেহ, কাৰ্গিল, টাঙল অতিক্ৰমি মাউন্ট নুনত আৰোহণ কৰিব লাগিব সফল এভাৰেষ্টাৰগৰাকীয়ে।
বহু কম সময়তে যথেষ্ট সফলতা অৰ্জন কৰা পাঁচবাৰৰ এভাৰেষ্টাৰ আনছুৱে নিউজ18ক জনালে নিজৰ অভিজ্ঞতা। দেশৰ গৌৰৱ আনছু জামছেনপায়ো অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰে। মাউন্ট নুনত আৰোহণৰ বাবেই কোভিড পৰিস্থিতিৰ মাজতো নিতৌ পুৱা–গধূলি শাৰীৰিক অনুশীলন চলাইছিল আনছু জামছেনপাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|