দুখৰ যেন ওৰ পৰিল ছাত্ৰীসকলৰ। বিলম্ব হোৱা স্কুটীখন পাব উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে।
বাজেটত ঘোষণা কৰাৰ মতেই ৰাজ্যৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক প্ৰদান কৰা হব স্কুটী। জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত ২০২০-২১ বৰ্ষৰ স্কুটীসমূহ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জনায় যে, ২০১৮-২০১৯ ৰ বাজেটত ৰাজ্যৰ ৫হাজাৰ কৃতী ছাত্ৰীয়ে চৰকাৰে ঘোষণা কৰাৰ দৰেই লাভ কৰিব স্কুটী। জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত এই ৫০০০ কৃতী ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হ’ব।
প্ৰথম অৱস্থাত ২০২০-২১ বৰ্ষৰ ২২০০০ ছাত্ৰীয়ে এই স্কুটী লাভ কৰিব বুলি মন্ত্ৰীয়ে জনায়।
ইপিনে, পৰৱৰ্তী পৰ্য্যায়ত অৰ্থাৎ জানুৱাৰী–ফেব্ৰুৱাৰী মাহত ২০১৯-২০ বৰ্ষৰ ১০০০০ ছাত্ৰীকো বাজেটত ঘোষণা কৰা অনুসৰিয়েই স্কুটী প্ৰদান কৰা হ’ব বুলি তেওঁ জনায়। ইয়াৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰা হৈছিল বুলি মন্ত্ৰীয়ে জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|