• Home
  • »
  • News
  • »
  • assam
  • »
  • মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ পাঁচ নিৰাপত্তাৰক্ষী কোৱাৰেণ্টাইন

মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ পাঁচ নিৰাপত্তাৰক্ষী কোৱাৰেণ্টাইন

আজি পুৱাই ১੦৮ ৰ যোগেদি পাঁচোগৰাকী নিৰাপত্তাৰক্ষীক শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে৷

আজি পুৱাই ১੦৮ ৰ যোগেদি পাঁচোগৰাকী নিৰাপত্তাৰক্ষীক শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে৷

আজি পুৱাই ১੦৮ ৰ যোগেদি পাঁচোগৰাকী নিৰাপত্তাৰক্ষীক শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে৷

  • Share this:
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (স্বতন্ত্ৰ) তথা গড়কাপ্তানি (সহযোগী) মন্ত্ৰী যোগেন মহনৰ ঘৰৰ পাঁচ নিৰাপত্তাৰক্ষীক আজি শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মন্ত্ৰী যোগেন মহনৰ ঘৰৰ নিৰাপত্তাৰ দায়িত্বত থকা গোলাঘাট জিলাৰ ঠগীৰাম বৰা (৩੦) নামৰ গৃহৰক্ষী জোৱানজন দেওবাৰে ঘৰৰ পৰা আহি কৰ্মত যোগদানৰ বাবে উপস্থিত হয় যদিও তেওঁক যোগদান কৰিবলৈ দিয়া নহয়৷ কিন্তু গৃহৰক্ষী জোৱানজনে ইতিমধ্যেই আন চাৰিজন নিৰাপত্তাৰক্ষীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল৷

মন্ত্ৰী যোগেন মহনে গুৱাহাটীৰ পৰা আহি নিজগৃহত উপস্থিত হৈ এই বিষয়ে জানিব পাৰি আৰক্ষীক অৱগত কৰে৷ লগে লগে স্বাস্থ্য বিভাগে ঠগীৰাম বৰাৰ সৈতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ অমূল্য কলিতা (৩৫), তিনিচুকীয়াৰ নীৰেন মহন্ত (৩২), যোৰহাটৰ বিজয় ঠাকুৰ (৫২) আৰু ধুবুৰীৰ হৰিচৰণ বিশ্বাস (২৬)ক আৰক্ষীৰ সহযোগত নিশা মৰাণহাট আৰক্ষী থানাৰ এটা কোঠাত ৰাখি থয়৷ আজি পুৱাই ১੦৮ ৰ যোগেদি পাঁচোগৰাকী নিৰাপত্তাৰক্ষীক শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে৷
Published by:Sanjay Kumar Das
First published: