মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জে’লতে ৰচিছিল গঁড় হত্যাৰ পৰিকল্পনা, বোকাখাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত জালত পৰিল ৫ দুৰ্ধৰ্ষ গঁড় চিকাৰী

জে’লতে ৰচিছিল গঁড় হত্যাৰ পৰিকল্পনা, বোকাখাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত জালত পৰিল ৫ দুৰ্ধৰ্ষ গঁড় চিকাৰী

News18 Assam | News18-Assam
Updated:April 24, 2021, 9:24 AM IST
জে’লতে ৰচিছিল গঁড় হত্যাৰ পৰিকল্পনা, বোকাখাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত জালত পৰিল ৫ দুৰ্ধৰ্ষ গঁড় চিকাৰী
কেউটা চিকাৰীয়েই পূৰ্বে গঁড় হত্যাৰ লগত জড়িত হৈ একেলগে জে’ল হাজোতত আছিল৷ জে’লতেই গঁড় চিকাৰীয়ে পুনৰ গঁড় হত্যাৰ বাবে শক্তিশালী গেং প্ৰস্তুত কৰে৷

কেউটা চিকাৰীয়েই পূৰ্বে গঁড় হত্যাৰ লগত জড়িত হৈ একেলগে জে’ল হাজোতত আছিল৷ জে’লতেই গঁড় চিকাৰীয়ে পুনৰ গঁড় হত্যাৰ বাবে শক্তিশালী গেং প্ৰস্তুত কৰে৷

  • Share this:
বোকাখাত আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় চিকাৰীৰ বিৰুদ্ধে শুকুৰবাৰে পুৱতি নিশাৰ পৰা চলায় এক অভিযান৷ ২৪ ঘণ্টা ধৰি চলোৱা এই অভিযানত ৫টা চোৰাং চিকাৰী আটক কৰাৰ লগতে গঁড় হত্যাত ব্যৱহৃত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

গোলাঘাট, বিশ্বনাথ আৰু যোৰহাট জিলাৰ বিভিন্ন স্থানৰ পৰা আটক কৰা চিকাৰীকেইটা হ’ল হীৰালাল চৌধুৰী (চহলা, বোকাখাত), অচিন্ত মৰাং (পুলিবৰ, যোৰহাট), দীপেন পেগু (গহপুৰ, বিশ্বনাথ), গোপেশ্বৰ পেগু (গহপুৰ, বিশ্বনাথ), ৰঞ্জিত কুটুম (গহপুৰ, বিশ্বনাথ)৷ চিকাৰীকেইটাৰ তথ্যৰ ভিত্তিত পুলিবৰ আৰক্ষী চকী এলেকাৰ কাৰেং চাপৰিৰ পৰা এটা AK 56 ৰাইফল আৰু এক ৰাউণ্ড সক্ৰিয় গুলী, এটা পইণ্ট ৩১৫ ৰাইফল আৰু এক ৰাউণ্ড সক্ৰিয় গুলী, AK 47 ৰাইফলৰ ৮ ৰাউণ্ড সক্ৰিয় গুলী, থ্ৰী নট থ্ৰী ৰাইফলৰ ১৮ ৰাউণ্ড সক্ৰিয় গুলি আৰু এক ৰাউণ্ড নিস্ক্ৰিয় গুলী, পইণ্ট ৩১৫ৰ ১০ ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰে৷

কেউটা চিকাৰীয়েই পূৰ্বে গঁড় হত্যাৰ লগত জড়িত হৈ একেলগে জে’ল হাজোতত আছিল৷ জে’লতেই গঁড় চিকাৰীয়ে পুনৰ গঁড় হত্যাৰ বাবে শক্তিশালী গেং প্ৰস্তুত কৰে৷ জে’লৰ পৰা জামিনত মুক্তি পোৱাৰ পিছতেই গঁড় চিকাৰীৰ গেঙে একত্ৰিতভাৱে গঁড় হত্যাত জড়িত হৈ পৰে৷ আটক কৰা চিকাৰীকেইটাই পুনৰ গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ তথ্য প্ৰদান কৰিছে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই৷

এক কথাত ক’ব পাৰি যে, জে’লেই গঁড় হত্যাকাৰীৰ পুনৰ সক্ৰিয় হোৱাৰ এক প্লেটফৰ্মত পৰিণত হয়৷  যোৱা ২০ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  কঁহৰা বনাঞ্চলৰ হনুমান বন শিবিৰ এলেকাত বনকৰ্মীয়ে উদ্ধাৰ কৰা খড়্গবিহীন গঁড়টোৰ হত্যাৰ লগতো চিকাৰীকেইটা জড়িত নেকি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে ৯ মাহ পিছত কাজিৰঙাত চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ মৃতদেহ কাজিৰঙা উদ্যান কৰ্তৃপক্ষই ৩ পিছতহে গম পাইছিল৷ আনহাতে মৃত গঁড়টোৰ শৰীৰত থ্ৰী নট থ্ৰী বন্দুকৰ গুলী পোৱাই এইকেইটা চিকাৰীও গঁড় হত্যাৰ লগত জড়িত থকাৰ সন্দেহেই বেছি৷
Published by: Sanjay Kumar Das
First published: April 24, 2021, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি