লখিমপুৰত এতিয়া অপৰাধীৰ বুকুত কঁপনি তুলিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। আৰক্ষী অধীক্ষক আনন্দৰ মিশ্ৰৰ ধমকত এতিয়া আত্মসমৰ্পণ কৰিবলৈ লৈছে ইজনৰ পিছত সিজন অপৰাধীয়ে। আজিও নাওবৈচা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিলে ৫ জনে। সুৰজ আলী, চৰিয়ত আলী, ছৰিফুল ইছলাম, মফিদুল ইছলাম আৰু বাহিজুল ইছলাম (হাবি) নামৰ পাঁচজন বিভিন্ন আইনবিৰুদ্ধ কামত জড়িত লোকে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত।
মঙলবাৰেও জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অন্যতম সন্দেহজনক অভিযুক্ত আতিকুলে আত্মসমৰ্পণ কৰে৷ লগতে আত্মসমৰ্পণ কৰে আব্দুল ৰাজ্জাক আৰু বুঢ়ামুদ্দিন নামৰ আন দুজনেও। বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে আটাইকেইজনে।
ইফালে, আনন্দ মিশ্ৰৰ ধমকৰ পিছতে নকল সোণ আৰু জাল নোট সৰবৰাহকাৰীৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈছে। মঙলবাৰে বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে গেংষ্টাৰ আবু চহিদে৷ আবু ছহিদৰ পিচত এক ঘণ্টাৰ ভিতৰত আৰু দুই গেংষ্টাৰে আত্মসমৰ্পণ কৰে৷ মিজানুৰ ওৰফে মিজু আৰু চাইদুল্লাই আত্মসমৰ্পণ কৰে বঙালমৰা আৰক্ষী চকীত৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 24, 2023, 12:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।