• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত কেইবালাখ টকাৰ বনৰৌৰ বাকলিসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

হোজাইত কেইবালাখ টকাৰ বনৰৌৰ বাকলিসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ধৃত সৰবৰাহকাৰীকেইটাৰ জিম্মাৰ পৰা জব্দ কৰে প্ৰায় ৫ কেজি ৬০০ গ্ৰাম বনৰৌৰ বাকলি।

ধৃত সৰবৰাহকাৰীকেইটাৰ জিম্মাৰ পৰা জব্দ কৰে প্ৰায় ৫ কেজি ৬০০ গ্ৰাম বনৰৌৰ বাকলি।

ধৃত সৰবৰাহকাৰীকেইটাৰ জিম্মাৰ পৰা জব্দ কৰে প্ৰায় ৫ কেজি ৬০০ গ্ৰাম বনৰৌৰ বাকলি।

  • Share this:
হোজাইত বনজ সম্পদ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ সফল অভিযান। ডি এফ অ’ পুলক চৌধুৰী, এ চি এফ চম্পক ডেকাসহ ৱাইল্ড ক্ৰাইম কন্ট্ৰ’ল ব‍্যুৰ’ৰ এটা দলৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বনজ সম্পদ সৰবৰাহকাৰীকেইটাক।

অভিযানকাৰী দলে মাজনিশা যোগীজান ৰোডৰ লগতে অন্যান্য স্থানত অভিযান  চলাই হাতেলোটে গ্ৰেপ্তাৰ কৰে দংকি বস্তিৰ নিজামুদ্দিন, ৰহমত উল্লাহ, মহেন ইংতি, ৰাজবাৰীৰ ব্ৰজ কুমাৰ আৰু নতুন বজাৰৰ বীৰ সিঙক।

ধৃত সৰবৰাহকাৰীকেইটাৰ জিম্মাৰ পৰা জব্দ কৰে প্ৰায় ৫ কেজি ৬০০ গ্ৰাম বনৰৌৰ বাকলি।জব্দকৃত বনৰৌৰ বাকলিখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি জনা গৈছে। সমগ্ৰ ঘটনা সংক্ৰান্তত বন বিভাগে অব্যাহত ৰাখিছে তদন্ত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি