বোকাজানত তেল চুৰি কৰাৰ সময়তে দপদপকৈ জ্বলিল ৫খন টেংকাৰ

News18 Assam | News18-Assam
Updated:February 4, 2020, 5:10 PM IST
বোকাজানত তেল চুৰি কৰাৰ সময়তে দপদপকৈ জ্বলিল ৫খন টেংকাৰ
সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষী–প্ৰশাসনৰ।

সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষী–প্ৰশাসনৰ।

  • Share this:
বোকাজানত দপদপকৈ জ্বলিল ৫খন তেলভৰ্তি টেংকাৰ। এন আৰ এলৰ পৰা মণিপুৰলৈ যোৱাৰ বাবে লাহৰিজানৰ গৌতমবস্তিৰ এটা অবৈধ পাৰ্কিঙত ৰখাই থোৱা হৈছিল টেংকাৰকেইখন। তেল চুৰি চক্ৰই টেংকাৰৰ পৰা তেল চুৰি কৰাৰ সময়তে সংঘটিত হয় এই অঘটন। সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষী–প্ৰশাসনৰ। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। থানাৰ সমীপতে এইদৰে দীৰ্ঘদিন ধৰি তেল চুৰি চক্ৰই তেল চুৰি কৰি অহাৰ অভিযোগ। আৰক্ষীৰ সন্মুখতে কিদৰে এইধৰণৰ ঘটনা সংঘটিত হ’বলৈ পাইছে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি