নগাঁও আৰক্ষীত পুনৰ ৰদবদল। নগাঁও সদৰ থানাৰ OC ৰূপে পাৰ্থ প্ৰতীম সিংকনক দায়িত্ব অৰ্পণ। পূৰ্বে কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল পাৰ্থ প্ৰতীম সিংকন। কলিয়াবৰ থানাৰ OC ৰূপে সঞ্জীত কুমাৰ ৰয়ক দায়িত্ব। ৰূপহীহাট থানাৰ OC আছিল সঞ্জীত কুমাৰ ৰয়। আনহাতে, বটদ্ৰৱা থানাৰ OC ৰূপে অসীম বৰাক দিয়া হৈছে দায়িত্ব।
ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বুলৰাম তেৰঙক দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে CI বটদ্ৰৱা ৰূপে জেকচন মুচাহাৰীক দায়িত্ব অৰ্পণ কৰিছে৷ নগাঁও জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তই জাৰি কৰিছে এই নিৰ্দেশনা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 27, 2023, 08:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।