চৰাইদেউত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য

News18 Assam | News18-Assam
Updated:June 30, 2020, 10:11 AM IST
চৰাইদেউত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য
বাগিচাখনৰ বিনোদ পাইকে ( ২৫) ঘৰৰ সমীপৰ পৰা বনৰীয়া কাঠফুলা বুটলি আনি ঘৰত ৰান্ধিবলৈ দিয়ে আৰু দুপৰীয়া আহাৰৰ সৈতে সকলোৱে মিলি খায়।

বাগিচাখনৰ বিনোদ পাইকে ( ২৫) ঘৰৰ সমীপৰ পৰা বনৰীয়া কাঠফুলা বুটলি আনি ঘৰত ৰান্ধিবলৈ দিয়ে আৰু দুপৰীয়া আহাৰৰ সৈতে সকলোৱে মিলি খায়।

  • Share this:
কিছুদিন পূৰ্বে চৰাইদেউ জিলাৰ চফ্ৰাই আৰু কানু বালিজান গ্ৰাণ্টত বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ তিনিজনসহ মুঠ চাৰিজন লোকৰ মৃত্যু হোৱাৰ পিছত আজি পুনৰ জিলাখনৰ অন্তৰ্গত টাউকাক চাহ বাগিচাৰ ১০নং লাইনত বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত একেটা পৰিয়ালৰ পাঁচগৰাকী লােক গুৰুতৰভাৱে অসুস্থ হয়।

প্রাপ্ত তথ্য অনুসৰি, বাগিচাখনৰ বিনোদ পাইকে ( ২৫) ঘৰৰ সমীপৰ পৰা বনৰীয়া কাঠফুলা বুটলি আনি ঘৰত ৰান্ধিবলৈ দিয়ে আৰু দুপৰীয়া আহাৰৰ সৈতে সকলোৱে মিলি খায়। কিন্তু কিছু সময়ৰ পিছত বিনোদ পাইক, অনিশা পাইক(২২), মনীষা লাকৰ (২০), ৰাধা পাইক(১০) আৰু টিনা পাইক (২৩)ৰ শৌচ আৰু বমি হ’বলৈ আৰম্ভ কৰে। লগে লগে অসুস্থ আটাইকেইজনকে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভর্তি কৰােৱা হয় যদিও আটাইৰে অৱস্থা সংকটজনক হোৱালৈ চাই চিকিৎসকে আটাইকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
First published: June 30, 2020, 10:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading