অনুষ্ঠানত পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ তপন গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।
অনুষ্ঠানত পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ তপন গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।
আজি যোৰহাট কাছাৰি ময়দানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং উপস্থিত থাকিব। এই অনুষ্ঠানত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত পাঁচ লাখ হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে গৃহ আবণ্টন আৰু পুঁজি প্ৰদান কৰা হ’ব। অনুষ্ঠানত পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ তপন গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত যোৰহাট জিলাত প্ৰায় ১২ হাজাৰ হিতাধিকাৰীক গৃহ আবণ্টন দিয়া হৈছে। সমগ্ৰ অসমতে আবন্তন দিয়া পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীক একোটা গৃহ নিৰ্মাণৰ বাবে ১ লাখ ৩০ হাজাৰ টকাকৈ দিয়া হ’ব। ইয়াৰে প্ৰথম কিস্তিত ৩২,৫০০টকা, দ্বিতীয় কিস্তিত ৪৮,৭৫০ টকা আৰু তৃতীয় কিস্তিত ৪৮,৭৫০ টকা প্ৰদান কৰা হ’ব। ইয়াৰ লগতে হিতাধিকাৰীসকলক এমজিএনৰেগাৰ অধীনত দৈনিক ২২৯ টকা মজুৰি হিচাপে ৯৫ দিনত ২১,৭৫৫ টকাৰ মজুৰি প্ৰদান কৰা হ’ব।
যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তি ১৬৫৭ কোটি টকা মুকলি কৰি দিয়া হ’ব। যোৰহাটৰ ১২ হাজাৰ হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ধন সুমুৱাই দিয়াৰ লগতে বাকী জিলাসমূহৰ হিতাধিকাৰীসকলকো অনুৰূপ ধৰণে ধন প্ৰদান কৰা হব। ২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই গৃহসমূহত চৰকাৰৰ বাকী আঁচনিসমূহৰ জৰিয়তে শৌচালয় নিৰ্মাণ, বিদ্যুৎ সংযোগ প্ৰদান, পানী যোগান ইত্যাদি সুবিধাসমূহ প্ৰদানৰ পৰিকল্পনা কৰা হৈছে।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিগত এবছৰৰ সময়ছোৱাত অসমত ১ লাখ ২৮ হাজাৰ ৩৯৮টা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) গৃহ নিৰ্মাণ কৰা হৈছে। এই আঁচনি ৰূপায়ণ কৰা সফলতাৰ হাৰেৰে দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম। ১৯ মে'ত আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে অসমৰ সফলতাৰ হাৰ বৃদ্ধি হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|