শিৱসাগৰৰ কৃষক মেলাত এটা ওলকবিয়ে দৃষ্টি কাঢ়িছে সকলোৰে, আচৰিত হ’ব আপুনিও!

News18 Assam | News18-Assam
Updated:February 13, 2020, 1:12 PM IST
শিৱসাগৰৰ কৃষক মেলাত এটা ওলকবিয়ে দৃষ্টি কাঢ়িছে সকলোৰে, আচৰিত হ’ব আপুনিও!
চূণপোৰা হাবিগাঁৱৰ আব্দুল ৰহমান নামৰ কৃষকজনে প্ৰদৰ্শন কৰে এই ওলকবিটো।

চূণপোৰা হাবিগাঁৱৰ আব্দুল ৰহমান নামৰ কৃষকজনে প্ৰদৰ্শন কৰে এই ওলকবিটো।

  • Share this:
শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলাত এটা ওলকবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আচৰিত হোৱাৰে কথা। সাধাৰণতে আপুনি–মই দেখা ওলকবিতকৈ পৃথক। কাৰণ এই ওলকবিটোৰ ওজন চাৰে পাঁচ কেজি।

চূণপোৰা হাবিগাঁৱৰ আব্দুল ৰহমান নামৰ কৃষকজনে প্ৰদৰ্শন কৰে এই ওলকবিটো। বৃহৎ আকাৰৰ এই ওলকবিটোৱে দৃষ্টি কাঢ়িছে প্ৰতিজন লোকৰে। উল্লেখযোগ্য যে এই কৃষক মেলাত প্ৰদৰ্শিত হয় ক্ৰমশঃ বিলুপ্ত হ’বলৈ ধৰা বহু থলুৱা প্ৰজাতিৰ কল।

সম্পূৰ্ণ থলুৱা আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক–পাচলি, বতা চৰাই, তাৰ্কি, কাঠফুলা, গাখীৰ আদি প্ৰদৰ্শন আৰু বিক্ৰী কৰা হৈছে এই মেলাত। কৃষকসকলক কলখেতিৰ বাবে উৎসাহিত কৰিবলৈ আয়োজন কৰা এই কৃষক মেলাৰ জৰিয়তে ভৱিষ্যতলৈ থলুৱা সামগ্ৰীয়ে এখন বিশাল বজাৰ দখল কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি