মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : অনৈতিক কাৰ্যকলাপৰ ঘাটি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবা! ৫ যুৱতীসহ ১৭জন যুৱকক আটক!

Nagaon News : অনৈতিক কাৰ্যকলাপৰ ঘাটি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবা! ৫ যুৱতীসহ ১৭জন যুৱকক আটক!

এই অভিযানৰ পিছতে নিশা প্ৰায় ১০ বজাত নগাঁও সদৰ থানাত আৰক্ষী অধীক্ষকে এক সংবাদমেল সম্বোধন কৰি চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিকো শীঘ্ৰেই আটক কৰা হ'ব বুলিও সংবাদ মাধ্যমক জনাইছে।

  • Share this:
দীৰ্ঘদিনে নগাঁৱৰ বাইপাছৰ দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উঠা ভোগদৈ ধাবাত নগাঁও আৰক্ষীয়ে অভিযান চলাই ৫ গৰাকী যুৱতীসহ ১৭জন যুৱকক আটক কৰে। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকা আৰু দেহ ব্যৱসায়ী চক্ৰৰে জড়িত মূল অপৰাধী দুলাল আহমেদকো আটক কৰিছে।

দুলালে বিভিন্ন যুৱতীক প্ৰৰোচনাৰে দেহ ব্যৱসায়ৰ বাবে বাধ্য কৰাৰো অভিযোগ উঠিছিল। এই অভিযানৰ পিছতে নিশা প্ৰায় ১০ বজাত নগাঁও সদৰ থানাত আৰক্ষী অধীক্ষকে এক সংবাদমেল সম্বোধন কৰি চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিকো শীঘ্ৰেই আটক কৰা হ'ব বুলিও সংবাদ মাধ্যমক জনাইছে।

ইপিনে নগাঁৱৰ বৰঘাট বাইপাছৰ বিভিন্ন ধাবাত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ দীৰ্ঘদিনি স্থানীয় ৰাইজে কৰি আহিছিল। ধাবাসমূহত থকা সৰু সৰু কোঠাসমূহত প্ৰায়ে এনে অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উঠিছিল। শেহতীয়াকৈ আৰক্ষী অধীক্ষক গৰাকীয়ে ভোগদৈৰ ধাবাত অভিযান চলোৱা কাৰ্যত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

শেহতীয়া বাতৰি